বৰখলা সমষ্টিৰ উন্নয়নৰ বুজ লয় কাছাৰৰ জিলা উপায়ুক্ত লায়া মাদুৰীয়ে

বৰখলা সমষ্টিৰ উন্নয়নৰ  বুজ লয় কাছাৰৰ জিলা উপায়ুক্ত লায়া মাদুৰীয়ে
Published on

বুধবাৰে কাছাৰৰ বৰখলা উন্নয়ন খণ্ডৰ উন্নয়নৰ বুজ লয় জিলা উপায়ুক্ত লায়া মাদুৰীয়ে । জিলা উপায়ুক্ত লায়া মাদুৰীক সংগ দিয়ে কাছাৰৰ ডিআৰডিএ পি ডি ৰসৰাজ দাসে । PMAY , MGNREGA আচনিৰ অধিনত বহুতো চৰকাৰী আচনি ৰূপায়ণৰ ক্ষেত্ৰত আৰু খণ্ডটোৰ উন্নয়ন মুলক কাম সমুহ পিছ পৰি থকাত জিলা উপায়ুক্ত গৰাকীয়ে অসন্তুষ্টি ব্যক্তি কৰে ।

অঞ্চলটো উন্নয়নৰ বুজ লৈ অতি সোনকালে কাম সমুহ কৰিবলৈ পিডিক নিৰ্দেশ দিয়ে লায়া মাদুৰীয়ে । লায়া মাদুৰীয়ে এচ ই ডি অৰ সদস্য সকলৰ লগত আলোচনা কৰাৰ লগতে বৰখলাৰ স্থানীয় এন জি অৰ সদস্যৰ লগতো আলোচনা কৰি অঞ্চলবাসীয়ে যি সমস্যাৰ সন্মুখীন হৈ আহিছে সমস্যা সমুহ সমাধান কৰিবলৈ নিৰ্দেশ দিছে । খণ্ডটোৰ ৰিমোট অঞ্চল সমূহতো পৰিদৰ্শন কৰে আৰু এমজিএনৰেগা আঁচনিৰ অধিনত বৰখলা পানীৰ ব্যৱস্থাও বুজ লয় ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com