Begin typing your search above and press return to search.

বৰঝাৰ বিমানবন্দৰ দেশৰ অষ্টম ব্যস্ত বিমানবন্দৰ

বৰঝাৰ বিমানবন্দৰ দেশৰ অষ্টম ব্যস্ত বিমানবন্দৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:58 AM GMT

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষয় গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক দেশৰ অষ্টম ব্যস্ত বিমানবন্দৰ হিচাপে চিহ্নিত কৰিছে।কৰ্তৃপক্ষৰ ওচৰত থকা তথ্য অনুসৰি উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ ২০১৭ চনত ৩১ শতাংশ যাত্ৰী বৃদ্ধি পাইছে,যিতো দেশৰ ১২ টা ব্যস্ত বিমানবন্দৰৰ ভিতৰত সৰ্বাধিক।

বিমানবন্দৰটোৱে ২০১৬ চনত ৩৪,৫২,৪০৩ জন যাত্ৰীক সেৱা আগবঢ়োৱাৰ বিপৰীতে ২০১৭ চনত ৪৫,৩২,৮২৭ জন যাত্ৰীক সেৱা আগবঢ়াবলৈ সক্ষম হয়।কলিকতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰী ২০১৭ চনত ২৮ শতাং বৃদ্ধি পায় দ্বিতীয় স্থান অধিকাৰ কৰে।জয়পুৰ ২৪ শতাংশৰ সহায়ত তৃতীয়ত,পুনে ২৩ শতাংশৰে চতুৰ্থত,হায়দৰাবাদ আৰু আহমেদাবাদ ২০ শতাংশৰে পঞ্চমত,গোৱা ১৭ শতাংৰে ষষ্ঠত,দিল্লী ১৪ শতাংশৰে সপ্তমত,বাংগালোৰ ১৩ শতাংশৰে অষ্টম,চেন্নাই আৰু কোচি ১১ শতাংশৰে নৱম আৰু ৬ শতাংশৰ সহায়ত মুম্বাই বিমানবন্দৰে দশম স্থান অধিকাৰ কৰিছে।বৰঝাৰ বিমানবন্দৰৰ পৰা দৈনিক ১২০ খন বানিজ্যিক বিমান পৰিচালিত হয়।

Next Story
চাকৰি