বৰাকত মুখ্যমন্ত্ৰী সোণোৱালৰ বিশাল নিৰ্বাচনী সভা

পঞ্চায়ত নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে বৰাকত নিৰ্বাচনী সভাত অংশ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক নিৰ্বাচনী সভাত অংশলৈ ৰাইজৰ বিপুল সহাৰি লাভ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে বৰাক উপত্যকাৰ পাইলাপোল ডি এচ এ খেলপথাৰত বিশাল জনসভাত অংশলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণে কংগ্ৰেছ,অগপ, এ আই ইউ ডি এফক নাকচ কৰা বুলি কয়।
জনসভাখনত সোণোৱালে বিভিন্ন জাতি, জনগোষ্ঠী, পুৰুষ, মহিলা, যুবকৰ সমৰ্থনেৰে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত জয় লাভ কৰি জিলা পৰিষদ, গাওঁ পঞ্চায়ত, আঞ্চলিক পৰিষদ গঠন কৰিব বুলি দাবী কৰে। সোণোৱালে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিছিত লক্ষীপুৰ মহকুমাত
নিজ দলৰ ভেটি মজবুত কৰাত গুৰুত্ব আৰোপ কৰে। কাছাৰৰ সাতটা সমষ্টিৰ ভিতৰত একমাত্ৰ লক্ষীপুৰ সমষ্টিটোহে কংগ্ৰেছৰ দখলত আছে। প্ৰয়াত দীনেশ প্ৰসাদ গোৱালাই ক্ৰমাগত সাত বাৰৰ বাবে সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বৰ্তমান দীনেশ প্ৰসাদৰ পুত্ৰ ৰাজদ্বীপ গোৱালাই সমষ্টিটোৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছে। মুখ্যমন্ত্ৰী সোণোৱালে কংগ্ৰেছৰ এই দুৰ্গ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ওফৰাবলৈ সক্ষম হবনে? বুধবাৰৰ জনসভাত অংশগ্ৰহণ কৰি সোণোৱালে সুতা, কম্বলৰ ৰাজনীতিৰে কংগ্ৰেছে মানুহক ঠগি আহিছিল বুলি মন্তব্য কৰে। এনৰেগাক কাৰ্য্যকৰী কৰাটো কংগ্ৰেছ চৰকাৰ ব্যৰ্থ হোৱা বুলি সমালোচনা কৰি নিজ দলৰ কৰ্মী সকলকো দুৰ্নীতিত লিপ্ত থকাৰ প্ৰমান পালে জেললৈ পঠিয়াবলৈ কুন্ঠাবোধ নকৰে বুলি কয়।
সভাখনত সোণোৱালে লক্ষীপুৰ মহকুমাৰ উন্নয়নৰ বাবে ১০৮ কৌটি টকা আৰু খেলপথাৰখনৰ নিৰ্মানৰ বাবে ১০ কৌটি টকা ঘোষণা কৰে। বিজেপিয়ে কংগ্ৰেছৰ দিনত থকা মধ্যভোগীৰ ৰাজনীতিও নিশেষ কৰা বুলি ভাষনত উল্লেখ কৰে। সোণোৱালে ৰাজ্যত ৮০০ কৌটি টকা দলং আৰু পথ নিৰ্মানত বৰ্তমানলৈ চৰকাৰখনে খৰচ কৰা বুলি কয়। বৰাকৰ জনতাক পঞ্চায়ত ব্যৱস্থাৰ লাভ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই সোণোৱালে আয়ুষ্মান ভাৰত, ধন জন যোজনা, উজ্বলা যোজনা আদি যোজনা চৰকাৰে ৰাইজৰ বাবে মুকলি কৰা বুলি মন্তব্য কৰে। নিৰ্বাচনী সভাৰ সময়তো নাগৰিক পঞ্জীৰ প্ৰসংগ নাপাহৰি সোণোৱালে বাংলাদেশী মুক্ত এন আৰ চি প্ৰকাশৰ বাবে চৰকাৰ সদায় জনতাৰ লগত আছে বুলি কয়।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি