ব'ৰ্ডিংখেলপথাৰত "পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ:২০১৮" অনুষ্ঠিত

ব'ৰ্ডিংখেলপথাৰত "পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ:২০১৮" অনুষ্ঠিত
Published on

শিৱসাগৰ নগৰৰ ব'ৰ্ডিংখেলপথাৰৰ ড: ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈছে " পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ:২০১৮ " । পুৱা পতাকা উত্তোলনৰ পাছত বিয়লি মূল তোৰণ উদ্ঘাটন কৰে মুখ্য ব্যৱস্থাপক ডঃ প্ৰকাশ কটকীয়ে । ইয়াৰ পাছত গ্ৰন্থ উন্মোচনী অনুষ্ঠিত উদ্বোধন কৰে " অনুৰাধা দেশৰ স্ৰষ্টা" ,বিশিষ্ট কথা সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। ইয়াৰ পূৰ্বে বুৰঞ্জী বিদ পদ্ম বৰগোহাঞি আৰু ডঃ ময়িদুল ইছলাম বড়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰেআছিল ।

উক্ত অনুষ্ঠানত প্ৰবীণ শিক্ষাবিদ ফনী চেতিয়াক গ্ৰন্থ উৎসৰৰ উদ্যোক্তা " খোজ " ৰ তৰফৰ পৰা " ৰংপুৰ গৌৰৱ:২০১৮" বঁটা প্ৰদান কৰাৰ লগতে লোক সংগীতৰ বিশিষ্ট সাধক হেম দত্ত আৰু বিশিষ্ট শিক্ষাবিদ মনেশ্বৰ মিলিক বিশেষভাৱে সম্বধৰ্ণা জ্ঞাপন কৰে। নৱনীত হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত গ্ৰন্থ উৎসৱৰ প্ৰধান সম্পাদক সমীৰণ ফুকনে আদৰণি ভাষণ , সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথিৰ ভাষণ , গ্ৰন্থ উৎসৱৰ সভাপতি তথা উপায়ুক্ত পল্লৱ গোপাল ঝা , কাৰ্যকৰী সভাপতি ডঃ সৌমাৰজ্যোতি মহন্তই ভাষণ প্ৰদান কৰে।অনুষ্ঠানত শিৱসাগৰ জিলাৰ বৌদ্ধিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com