বৰষুণৰ বাবে বাতিল কৰা হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয় খন টি-২০ খেল। টছত জয়ী হৈ ভাৰতে অষ্ট্ৰেলিয়াক বেটিংৰ বাবে আমন্ত্ৰণ জনাই। বৰষুণে বিধি পথালি দিয়া খেলখনত ভাৰতীয় বলাৰ সকলৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ১৯ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৩২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ খলিল আহমেদে দুটা, ভূৱনেশ্বৰ কুমাৰে দুটা, বুমৰাহ,কুলদীপ যাদৱ আৰু ক্ৰণাল পাণ্ডেয়াই এটাকৈ উইকেট দখল কৰে।বৰষুণৰ বাবে পুনৰ ১১ অভাৰলৈ হ্ৰাস কৰা হয় ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয় টি-২০ খেলখন আৰু ভাৰতৰ সম্মুখত ৯৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। অৱশেষত খেল পথাৰ খেলৰ বাবে উপযোগী নোহোৱাৰ বাবে ফিল্ড আম্পায়াৰ দ্বয়ে খেল খন বাতিল হোৱা বুলি ঘোষনা কৰে। ইয়াৰ ফলত ভাৰতৰ ক্ৰমাগত সাতখন টি-২০ শৃখলা জয়ী হোৱা অপ্ৰতিৰোধ্য যাত্ৰাৰ সামৰণি পৰে।
Begin typing your search above and press return to search.