Begin typing your search above and press return to search.
ভক্তিৰসত পৰিণত হ’ল খুমটাইৰ ঐতিহ্যমণ্ডিত চিনাতলী গাঁও

আমিনগাঁৱৰ পিছত এইবাৰ গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলীত সমাজত শান্তিৰ বাবে আৰম্ভ হ’ল ৰুদ্ৰ মহাযজ্ঞৰ ৷ ৰাজ্যখনত বৰ্তমান হিংসা, হত্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, সমাজৰ অসুয়া শক্তিসমূহ বিনাস হ’বলৈ এই ৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰিছে ৷
সেউজ আৰু স্বচ্ছ গাঁও হিচাপে ৰাজ্য চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰা ঐতিহ্যমণ্ডিত চিনাতলী গাঁৱৰ সমূহ গাওঁবাসীৰ উদ্যোগত ৯নবেম্বৰৰ পৰা ১৩ নবেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে এই মহাযজ্ঞ অনুষ্ঠিত কৰিছে ৷
কাৰ্যসূচী অনুসৰি পানীতোলা আৰু শোভাযাত্ৰাৰ পিছতেই মূল পূজা আৰু যজ্ঞ আৰম্ভ হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিছে ৷ ১৫জন পুৰুহিতে এই মহাযজ্ঞৰ মূল পূজা আৰু যজ্ঞভাগ কৰিবলৈ ইতিমধ্যে সাজু হৈছে ৷
অসমখনৰ বৰ্তমান অষ্ঠিৰ পৰিবেশৰ মাজতে চিনাতলী গাওঁৰ সমূহ গাওঁবাসী একত্ৰিত হৈ এই ৰুদ্ৰ মহাযজ্ঞৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সকলোৱে শলাগ লৈছে ৷
Next Story