Begin typing your search above and press return to search.

ভগ্নী অনিষা পাদুকনৰ বাবে দিপীকা পাদুকন গৌৰৱান্বিত

ভগ্নী অনিষা পাদুকনৰ বাবে দিপীকা পাদুকন গৌৰৱান্বিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2018 10:21 AM GMT

দিপীকা পাদুকন হৈছে বৰ্তমানৰ বি টাউনৰ এগৰাকী প্ৰতিভাশালী সফল অভিনেত্ৰী । শেহতীয়া ভাৱস দিপীকাক দেখা পোৱা গৈছিল সঞ্জয় লীলা ভঞ্চালীৰ ছবি 'পদ্মাৱত'ত ছাহিদ কাপুৰৰ বিপৰীতে । এই ছবি খনৰ জৰিয়তে পুনৰ বাবে দিপীকাই নিজ অভিনয়ৰ দক্ষতা দৰ্শকক দেখুওৱাবলৈ সক্ষম হৈছিল ।

আমি সকলোৱে জানো দিপীকাৰ পিতৃ প্ৰকাশ পাডুকন এগৰাকী খ্যাত বেডনিণ্টন খেলুৱৈ,তেওঁ ১৯৮২চনত অৰ্জুন বটাঁ পাবলৈ সক্ষম হৈছিল । পিতৃ প্ৰকাশ পাডুকনৰ দৰে সক্ষমতা তথা সফলতা অৰ্জন কৰাৰ পথত বৰ্তমান জিলিকিছে দিপীকা ভগ্নী তথা প্ৰকাশ পাডুকনৰ সৰু কন্যা অনীশা পাডুকন ।অনিষা এগৰাকী সক্ৰিয় গ্লোফ খেলুৱৈ আৰু লগতে তাই দিপীকাই মানসিক স্বাস্থ্যৰ বাবে সজাগতা সৃষ্টি কৰাৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰা ফাউণ্ডেশ্বনটোৰ চোৱা চিতাও কৰে ।

অনিষাই মানসিক ৰোগী সকলৰ বানে তথা ফাউণ্ডেশ্বনটোৰ বাবে ইমান খিনি কষ্ট কৰাৰ বাবে দিপীকা গৌৰৱবোধ কৰিছে আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এখন ফটো প্ৰকাশ কৰিছে আৰু লিখিছে যে ,""not the ‘other’ Padukone...’The’ Padukone! I’m soo proud of you my little baby girl...❤ @anishapadukone.

Next Story
চাকৰি