
ভাৰতত যুদ্ধৰ পটভূমিত নিৰ্মাণ কৰা ছবিসমূহৰ ভিতৰত সদ্য মুক্তি প্ৰাপ্ত ছবি "উৰি" হ’ল সৰ্বশ্ৰেষ্ঠ৷ এই মন্তব্য বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰৰ৷ ৱিক্কী কৌশল আৰু মিছ ফেয়াৰএণ্ড লভলী য়ামী গৌতমৰ অভিনীত "উৰি" ছবিখন সম্প্ৰতি দৰ্শকৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে,বক্স অফিচতো যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ ইতিমধ্যে ছবিখনে ১০৮ কোটি টকা উপাৰ্জন কৰিলে ৷ ইফালে ট্ৰেদ এনালিষ্ট তৰুণ আদৰ্শে উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক ছবিখনৰ উপাৰ্জনৰ সন্দৰ্ভত কয় যে উৰি ছবিখনে ভাৰতত ১০০ কোটি টকা উপাৰ্জন কৰিলে ৷ অন্যহাতে, ১০০ কোটি টকা উপাৰ্জন কৰা যি কোনো ছবিৰ কাৰণে সহজ কথা নহয় ৷কিন্তু সীমিত বাজেটেৰে নিৰ্মিত এখন ছবিৰ কাৰণে ১০০ কোটি টকাৰ উপাৰ্জন মন কৰিব লগীয়া ৷
ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শৰ অনুসৰি উৰি ছবিখনে প্ৰথম সপ্তাহতে ৭০.৯৪ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় সপ্তাহত ছবিখন ৩৭.৯৬ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ দুয়োটা সপ্তাহত মুঠ উপাৰ্জন হয় ১০৮.৯০ কোটি টকা ৷কিন্তু সম্প্ৰতি,ছবিখনে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ লগতে উৰি হৈছে সীমিত বাজেটত নিৰ্মিত অধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত অন্যতম ছবি ৷ উৰি ছবি খনে তনু ৱেডছ মনু ছবি খনে উপাৰ্জন কৰা ৰেকৰ্ড ভংগ কৰা এখন ৷
https://twitter.com/taran_adarsh/status/1087258585606676480
উল্লেখ্য যে ছবিখনত ৱিক্কী কৌশলে বিহান সিং সেহগেল নামেৰে এজন ভাৰতীয় সেনাৰ বিষয়াৰ ৰূপত অভিনয় কৰিছে ৷বিহান সিং সেহগেলৰ ভগ্নীৰ স্বামী ২০১৬ চনত উৰি সেনাবাহিনীৰ যুদ্ধত হোৱা মৃত্যৰ দুখৰ লগতে দেশৰ কাৰণেও যুদ্ধ কৰিবলৈ আগবাঢ়ি যায় বিহান সিং সেহগেল অৰ্থাৎ বিক্কী কৌশলে ৷ ইফালে ২০১৭ চনৰ ছেপ্তেম্বৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ এক বছৰ অতিক্ৰম কৰাৰ পিছত নিৰ্মাতা ৰোনী স্কুৱালাই "উৰি"ছবি খন নিৰ্মাণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে ৷ এই ছবি খন নিৰ্দেশক হৈছে আদিত্য ধৰ ৷
নিৰ্দেশক আদিত্য ধৰে মন্তব্য কৰে যে এই ছবিখন সেই এঘাৰ দিনত সংঘটিত হোৱা ঘটনাৰ কল্পনাৰে নিৰ্মিত এখন ছবি ৷ উল্লেখ্য যে এই ছবিখনৰ কাৰণে বিক্কী কৌশলে প্ৰায় পাঁচ মাহৰ পৰা সেন্যৰ প্ৰশিক্ষণ লয় আৰু ওজন বৃদ্ধি কৰে। লগতে মুম্বাইত নৌ সৈনিকৰ পৰা বন্দুক চলোৱাৰো প্ৰশিক্ষণ লয় বিক্কী কৌশলে৷ এই সন্দৰ্ভত বিক্কী কৌশলে কয় যে, শাৰিৰীক ৰূপত এই ছবিখন মোৰ কাৰণে প্ৰত্যাহ্বান পূৰ্ণ আছিল ৷ ছবি খন দৃশ্যগ্ৰহণ কৰাৰ সময়ত আঘাত প্ৰাপ্তও হয় বিক্কী কৌশল৷আনহাতে উৰি ছবি খনত অভিনয় কৰিছে বিক্কী কৌশল, পৰেশ ৰাৱল, য়ামী গৌতম, মোহিত ৰেনা,কৃৰ্তি কুলহাৰী,ৰাজিট কাপুৰ,মনোহৰ পাৰিকৰ, মানস প্ৰতিম গ’হিল,স্বৰূপ সম্পট,শিশীৰ শৰ্মা, সত্যজিৎ শৰ্মা,ৰিভা আৰোৰা, মনিষ চৌধুৰী, ৰাকেশ বেদী, উজ্জ্বল চোপ্ৰা আদি শিল্পীয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন