ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ জেষ্ঠ নেতা দ্ৰুপদ বৰগোহাঁইৰ দেহাৱসান

বিশিষ্ট সমাজকৰ্মী , সাংসদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সভাপতি দ্ৰুপদ বৰগোহাঁইৰ দেহাৱসান । দীৰ্ঘ দিন ধৰি অসুস্থ হৈ থকা দ্ৰুপদ বৰগোহাঁই বুধবাৰে বাবে পুৱা ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে ।
মৃত্যুৰ সময়ত দ্ৰুপদ বৰগোহাঁইৰ বয়স আছিল ৭৮ বছৰ । ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল চি পি আইৰ নেতা গৰাকী। কিডনি ৰোগত আক্ৰান্ত আছিল দ্ৰুপদ বৰগোহাঁইৰ ।
শিবসাগৰ জিলাৰ মাদুৰী গাঁওত ১৯৪১ চনৰ ৭ নবেম্বৰত জন্ম গ্ৰহণ কৰিছিল দ্ৰুপদ বৰগোহাঁই। জিৰা হাই স্কুল আৰু শিবসাগৰ কলেজত শিক্ষা গ্ৰহণ কৰিছিল । ১৯৬০-১৯৬১ মাদুৰী মধ্য বাৰ্নাকুলাৰ স্কুল শিক্ষক হিচাপে কাৰ্য সম্পাদনা কৰিছিল । তাৰ পাছত চকিমুখ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰে। ১৯৬১ চনৰ পৰা ১৯৮২ চনলৈকে জিৰা উচ্চ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰে। ১৯৬৩ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে যোগদান কৰে। ১৯৯৮ পৰা ২০০৪ চনলৈকে ৰাজ্য সভাৰ সাংসদ আছিল দ্ৰুপদ বৰগোহাঁইৰ । অসম বিধানসভাৰ প্ৰাক্তন বিধায়ক আছিল আৰু সৰ্ব ভাৰতীয় কৃষাণ সভাৰ অসমৰ প্ৰাক্তন সভাপতি আছিল ।
১৯৬৩ চনত দ্ৰুপদ বৰগোহাঁইৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হৈছিল । ১৯৬৫ ৰ পৰা ১৯৭৮ চনলৈকে দ্ৰুপদ বৰগোহাঁইৰ সৰ্ব ভাৰতীয় যুৱ ফেডাৰেশ্যনৰ সদস্য আছিল । ১৯৬৫ ৰ পৰা ১৯৬৮ চনলৈকে অসম ৰাজ্যিক পৰিষদৰ AIYF ৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তাৰ পাছতে অসম ৰাজ্যিক পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিছে ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি