Begin typing your search above and press return to search.

ভাৰতীয় জনতা দলে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

ভাৰতীয় জনতা দলে প্ৰকাশ কৰিলে তৃতীয়খন  প্ৰাৰ্থীৰ তালিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2019 11:41 AM GMT

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে তৃতীয় খন প্ৰাৰ্থীৰ তালিকা । ৩৬ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে বিজেপিয়ে । ১১ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায় ভোট গ্ৰহণৰ বাবে ২৩ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে ।

শুকুৰবাৰে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত ৬ জন মহাৰাষ্ট্ৰৰ প্ৰাৰ্থীৰ লগতে ৫ জন উৰিষ্যাৰ প্ৰাৰ্থী নাম ঘোষণা কৰিলে । তৃতীয় প্ৰাৰ্থীৰ তালিকাত এজন অসম আৰু এজন মেঘালয়ৰ প্ৰাৰ্থীৰ নামো প্ৰকাশ কৰে । ৰাষ্ট্ৰীয় বিজেপিৰ মুখপাত্ৰ সামবিত পাট্ৰায়ে লোকসভা নিৰ্বাচনত উৰিষ্যাৰ পুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়াব ।

বিজেপিয়ে প্ৰকাশ কৰা দ্বিতীয় তালিকা খনত দামান আৰু দিউৰ পৰা এজন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে। দামান আৰু দিউত ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । দামান আৰু দিউ সমষ্টিৰ পৰা লালুভাই পাটেলক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙ , বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ , জেষ্ঠ বিজেপি নেতা নিটিন গাদকাৰী আৰু অৰুণ জেটলী আৰু কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ সদস্য সকলে বৈঠকত মিলিত হোৱাৰ পাছত দামান আৰু ডিউৰ বাবে এজনে প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ কথা প্ৰকাশ কৰে ।

বিজেপিয়ে বৃহস্পতি বাৰে ১৮২ জন প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰে । এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী নিটিন গাদকাৰী, ৰাজনাথ সিঙ, অমিত শ্বাহ আৰু স্মৃতি ইৰানীৰ নাম তালিকাত প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা প্ৰতিদন্দ্বিতা কৰিব, আনহাতে গান্ধীনগৰৰ পৰা অমিত শ্বাহে প্ৰতিদন্দ্বিতা আগবঢ়াব। গান্ধী নগৰৰ পৰা পুৰ্বেতে এল কে আদৱানীয়ে নিৰ্বাচন খেলিছিল ।

বিজেপিয়ে প্ৰকাশ কৰা প্ৰথম খন তালিকাত মহাৰাষ্ট্ৰৰ ১৬ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছিল লগতে অসমৰ ৮ জন, অৰুণাচল প্ৰদেশৰ ২ জন, ৫ জন ছত্তীশগড়ৰ, ৫ জন জম্বু কাশ্মীৰৰ, ২১ জন কৰ্ণাটকৰ, ১৩ জন কেৰেলাৰ ,১০ জন উৰিষ্যাৰ , ১৬ জন ৰাজস্থানৰ, ৫ জন তামিল নাডু, ১০ জন তেলেংগনা, ৫ জন উত্তৰাখণ্ড, ২৮ জন পশ্চিম বংগ আৰু ২ জন অন্ধ্ৰ প্ৰদেশৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

২০১৯ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হব ৭ টা পৰ্যায়ত । ১১ এপ্ৰিলৰ পৰা ১৯ মেলৈকে ৫৪৫ আসনৰ বাবে লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হব । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি