Begin typing your search above and press return to search.

ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা -"নিৰ্বাচনৰ সময়ত ভোটাৰে যাতে সকলো সুবিধা লাভ কৰে"

ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা -নিৰ্বাচনৰ সময়ত ভোটাৰে যাতে সকলো সুবিধা লাভ কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 6:36 AM GMT

লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ত কেন্দ্ৰসমূহত ভোটাৰে যাতে নূন্যতম সকলো খিনি সুবিধা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া আৰু কেন্দ্ৰীয় বিষয়া সমুহক ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্দেশ দিছে । জিলা নিৰ্বাচনী বিষয়া সকলক ভোট কেন্দ্ৰ সমুহত সকলো নূন্যতম সুবিধা কৰা দিশটো নিৰিক্ষন কৰিবলৈ নিৰ্দেশ দিছে ।

এটা ভোট কেন্দ্ৰত থাকিব লগা নূন্যতম সুবিধা খিনি হৈছে খোৱা পানীৰ ব্যৱস্থা, প্ৰয়োজনী আচবাব, ঔষধ , উপযুক্ত পোহৰৰ ব্যৱস্থা আৰু বৈদ্যুতিক ব্যবস্থা, সহায়ক বিভাগ , শৌচাগাৰ, ভলন্টিয়াৰ, শিশুৰ বাবে ক্ৰেচৰ ব্যবস্থা আৰু প্ৰয়োজন অনুসৰি যাতায়াতৰ ব্যৱস্থা ।

লগতে প্ৰকাশ কৰে যে এন চি চি/ এন এচ এচ/ স্কাউট- গাইড, নিৰ্বাচনী পাঠশালাৰ ভলন্টিয়াৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা লোক সকলৰ শাৰী সমুহৰ নিয়াৰিকৈ পৰিচালনা কৰাৰ লগতে বিশেষভাৱে সক্ষম লোকসকলক ভোটাদান কৰিবলৈ উপযুক্ত স্থানলৈ লৈ যোৱা । ভোট গ্ৰহণ কেন্দ্ৰ সমুহত নিৰ্বাচনী বিষয়া সমুহে বিশেষ ভাবে সক্ষম ভোটাৰ সকলক পৰিচালনা কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে নিৰ্বাচনী আয়োগে প্ৰকাশ কৰে যে বিশেষ ভাবে সক্ষম ভোটাৰৰ বাবে ৰাজহুৱা বাছৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰা । যদি ৰাজহুৱা বাছৰ ব্যৱস্থা নাথাকে তেতিয়া ব্যক্তিগত বাহনৰ ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিছে ।

অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হব। ১১ ,১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। ২৩ মেত ফলাফল ঘোষণা কৰা হব । সমগ্ৰ ৰাজ্যতে ২৮,১৪৩ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে । নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰ সমুহ ইতিমধ্যে প্ৰায় প্ৰস্তুত হৈ পৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি