Begin typing your search above and press return to search.

ভাৰতীয় নিৰ্বাচন আয়োগে দাখিল কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা

ভাৰতীয় নিৰ্বাচন আয়োগে দাখিল কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 March 2019 6:44 AM GMT

ভাৰতীয় নিৰ্বাচনী আয়োগে (Election Commission of India) বৃহস্পতিবাৰে সংসদীয় নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে অধিসূচনা জাৰি কৰাৰ লগতে অসমত মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিখন লোকসভা আসন ক্ৰমে গুৱাহাটী,বৰপেটা,ধুবুৰী আৰু কোকৰাঝাৰৰ কাৰণে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ভাৰতীয় নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ৪ এপ্ৰিল ৷ মনোনয়নৰ যাৱতীয় নথি পত্ৰৰ পৰীক্ষা কৰা হ’ব ৫ এপ্ৰিলত ৷ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ৮ এপ্ৰিল। ইয়াৰ বিপৰীতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২৩ এপ্ৰিলত ৷ অন্যহাতে ভোটগণনা হ’ব ২৩ মে’ত৷ বৃহস্পতিবাৰে অ’ল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্টৰ মুখ্য তথা সাংসদ বদৰুদ্দিন আজমলে ধুবুৰীৰ লোকসভা আসনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰে ৷

ইফালে,বিজেপিয়ে গুৱাহাটী নগৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুইন ওঝাৰ নাম গুৱাহাটী লোকসভা আসনৰ কাৰণে ঘোষণা হয়। ইফালে বড়োলেণ্ড পিপুল্স ফন্টে কোকৰাঝাৰৰ কাৰণে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নাম ঘোষণা কৰে ৷ অন্যহাতে, অসম গণ পৰিষদৰ বৰপেটা আৰু ধুবুৰীৰ আসনৰ কাৰণে দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। উল্লেখ্য যে কংগ্ৰেছ দলেও তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থীৰ নামৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি