ভাৰতীয় নিৰ্বাচন আয়োগৰ আগন্তক নিৰ্বাচনক লৈ বিশেষ প্ৰস্তুতি

ভাৰতৰ নিৰ্বাচন আয়োগৰ (Election Commission of India (ECI),নিৰ্দেশিকা অনুসৰি সমগ্ৰ ৰাজ্যত প্ৰায় ৪০০০ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া লাইভ বেৱকাষ্টিং আয়োজন কৰিছে ৷ আগন্তক তৃতীয় পৰ্যায়ত ১১,১৮ আৰু ২৩ এপ্ৰিলত হ’ব লগা লোকসভা নিৰ্বাচনৰ কাৰণে নিৰ্বাচন আয়োগে এই সিদ্ধান্ত লৈছে ৷ ইয়াৰ দ্বাৰা নিৰ্বাচন আয়োগে সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিব পাৰিব।
ইয়াৰ মাজতে, মুখ্য নিৰ্বাচনী বিষয়াই এই সম্বন্ধত ৰিটাৰ্নিং অফিচাৰ আৰু জিলা নিৰ্বাচনী বিষয়া সকলক পূৰ্বতেই নিৰ্দেশ জাৰি কৰিছে ৷ ৰাজ্যত ২৮,১৪৩ টা ভোটদান কেন্দ্ৰ আছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯,৫৭৪ টা ভোটদান কেন্দ্ৰত ভোটদান হ’ব ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৮,৯৯২ ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন হ’ব ৷ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত অসমত ৯,৫৭৭ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হ’ব ৷
ইফালে, ১,৯১৩ ভোটগ্ৰহণ কেন্দ্ৰক সংবেদনশীল হিছাপে চিনাক্ত কৰা হৈছে ৷ ইফালে ৩,৬৬৩ টা ভোটগ্ৰহণ কেন্দ্ৰক অধিক সংবেদনশীল হিচাপে চিনাক্ত কৰা হৈছে ৷ এক তথ্য অনুসৰি বিগত নিৰ্বাচনত সংবেদনশীল ভোটগ্ৰহণ কেন্দ্ৰত ৯০ শতাংশ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি