ভাৰতীয় প্ৰশাসনিক বিষয়াসকলৰ সন্দৰ্ভত চিআইচিৰ বিশেষ প্ৰতিক্ৰিয়া

চিআইচি (The Central Information Commission) আৰু ডিঅ’পিটিয়ে (The Department of Personnel and Training) সমগ্ৰ দেশত ২০১০ বৰ্ষতে দুনীৰ্তিৰ অভিযোগ থকা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ নাম প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে ৷
লখনৌস্থিত আৰটিআইৰ কাৰ্যকৰ্তা নুতন ঠাকুৰে ২০১০ আৰু ২০১৭ মাজত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগসমূহৰ নথিসমূহ পত্ৰসমূহৰ ডিঅ’পিটি আৰু বিভিন্ন বিষয়াসকলৰ মাজত হোৱা বিভিন্ন আদান প্ৰদানৰ সন্দৰ্ভত বিচাৰ হোৱাটো বিচাৰিছে ৷
চিআইচি অৰ্থাৎ কেন্দ্ৰীয় সুচনা আয়োগে আৰটি আই অধিনিয়মৰ ধাৰা ৭(৯)ৰ অধীনত ফাইল আৰু নথিপত্ৰ সমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অস্বীকাৰ প্ৰকাশ কৰিছে ৷ ইফালে,আয়োগে প্ৰতিবেদনত থকা তথ্য সমূহ নিৰীক্ষণ কৰি কয় যে আৰটিআই আবেদনত বিচৰা তথ্যসমূহৰ নিৰ্দিষ্টতা নাই।
গতিকে ইয়াৰ ৰেকৰ্ড অথবা তথ্যসমূহ একত্ৰিত কৰা হ’ব ৷ কেন্দ্ৰীয় সুচনাৰ আয়ুক্ত দিব্য প্ৰকাশ সিন্হাই কয় যে চিপিআইঅ’ই ১৫ দিনৰ ভিতৰত সকলো তথ্য প্ৰদান কৰিব ৷ সকলো প্ৰতিবেদন আয়োগক দিব ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি