ভাৰতীয় ষ্টেট বেংকে মুকলি কৰিলে YONO কেচ এপ

ভাৰতীয় ষ্টেট বেংকে মুকলি কৰিলে YONO কেচ এপ
Published on

ভাৰতীয় ষ্টেট বেংকৰ এক নতুন সংযোজন। ভাৰতীয় ষ্টেট বেংকে মুকলি কৰিলে YONO কেচ এপ | এইবাৰ গ্ৰাহক সকলে এ টি এম কাৰ্ড ব্যৱহাৰ নকৰাকৈ টকা উলিয়াব পাৰিব এটিএমৰ পৰা। YONO কেচ এপ ৰ জৰিয়তে কাৰ্ড নোহোৱাকৈ টকা উলিয়াব পাৰিব গ্ৰাহকে ।

দেশৰ ভিতৰত ১৬,৫০০ টা এটিএমত YONO কেচ এপ ব্যবস্থা কৰা হব। বেংক সেৱা ব্যবস্থাত YONO কেচ সেৱা মুকলি কৰা প্ৰতিষ্ঠানৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকে প্ৰথম। এই YONO কেচ এপৰ জৰিয়তে কোনো ক্ষতি নহয় গ্ৰাহকৰ বুলি বেংক বিশেষজ্ঞয়ে প্ৰকাশ কৰিছে ।

YONO কেচ এপৰ জৰিয়তেই গ্ৰাহকে কাৰ্ড ব্যৱহাৰ নকৰাকৈ YONO কেচ এপত দিয়া ৬ টা নম্বৰ প্ৰয়োগ কৰিয়ে টকা উলিয়াব পাৰিব । টকা উলিওৱাৰ সময়ত ৬ টা নম্বৰৰ এটা ৰেফাৰেঞ্চ নম্বৰ দিব ৰেজিষ্টাৰ মোৱাইলত আৰু সেই নম্বৰ প্ৰয়োগ কৰিয়ে টকা উলিয়াব পাৰিব । ৩০ মিনিটৰ ভিতৰত YONO কেচৰ সুবিধা থকা ATM পৰা ধন উলিয়াব পৰা যাব। YONO কেচ কাৰ্ড নোহোৱাকৈ টকা উলিয়াই পাৰিব ।

YONO কেচ মোবাইল এপৰ জৰিয়তে এই সুবিধা লাভ কৰিব পাৰিব গ্ৰাহকে । Net backing ৰে সংযোগে কৰিব লাগিব এপটো । YONO ভাৰতীয় ষ্টেট বেংক এপটো ২০১৭ চনৰ নবেম্বৰতে মুকলি কৰিছিল । ২০১৯ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা সমীক্ষাত YONO কেচ এপ ১৮ মিলিয়ন লোকে ডাউনলোড কৰিছে এই এপটো। ১৮ মিলিয়ন লোকৰ ৭ মিলিয়ন লোকে সক্ৰিয় ভাবে এপটো ব্যবহাৰ কৰি আছে । ভাৰতীয় ষ্টেট বেংকে আগন্তুক বৰ্ষত YONO কেচ এপত অধিক ব্যবস্থা সংযোজন কৰিব বুলি প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com