Begin typing your search above and press return to search.

ভাৰতীয় ষ্টেট বেংকৰ নতুন নিয়ম

ভাৰতীয় ষ্টেট বেংকৰ নতুন নিয়ম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2018 10:10 AM GMT

ভাৰতীয় ষ্টেট বেংকৰ নিত্য নতুন নিয়ম সততে জাৰি কৰি থকাটো নতুন কথা নহয় ৷ সদ্যহতে ভাৰতীয় ষ্টেট বেংকে সলনি কৰিছে ৫ টাকৈ নিয়ম ৷ বেংকে সলনি কৰা নিয়মানুসাৰে এছ বি আইত নতুন একাউন্ট খোলাৰ সময়ত যদি বেংকৰ গ্ৰাহকে নিজৰ ম’বাইল নম্বৰটো সংযুক্ত কৰা নাই তেন্তে বঞ্চিত হ’ব পাৰে কেতবোৰ সুবিধাৰ পৰা ৷

বেংক একাউন্টৰ লগত গ্ৰাহকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ নকৰিলে গ্ৰাহকে লাভ কৰিব নোৱাৰিব নেট বেংকিঙৰ সুবিধা ৷ গ্ৰাহকৰ সুবিধাৰ্থে উপলব্ধ কৰোৱা এচ বি আইৰ ম’বাইল এপ’টো বন্ধ কৰি দিছে ৩০ নৱেম্বৰৰ পৰা ৷ এই এপৰ পৰিৱৰ্তে এতিয়া উপলব্ধ হ’ব "য়" নো এপ’৷সম্প্ৰতি এছ বি আইৰ কৰ্তৃপক্ষই এছ বি আইৰ বডী এপ’ত জমা কৰা ধন উলিয়াবলৈ নিৰ্দেশ দিছে ৷

আনহাতে বেংকৰ নতুন নীতি নিয়মৰ ভিতৰত আছে পেঞ্চন সম্পৰ্কীয় কেতবোৰ নীতি নিয়ম ৷ এছ বি আইৰ কৰ্তৃপক্ষই পেঞ্চনধাৰীসকলক নিজ নিজ পেঞ্চন সম্পৰ্কীয় নথি বা চাৰ্টিফিকেট জমা দিবলৈ নিৰ্দেশ দিছিল ৩০ নৱেম্বৰৰ ভিতৰত ৷সম্প্ৰতি কোনো গ্ৰাহকে যদি পেঞ্চন সম্পৰ্কীয় নথি জমা দিয়া নাই তেতিয়া পেঞ্চন একাউন্ট হেৰুৱাব পাৰে ৷

ইফালে,লোণৰ ক্ষেত্ৰত এছ বি আইয়ে কিছু নীতি নিয়ম ধৰি দিছে৷ লোণ ক্ষেত্ৰত নীতিনিয়ম প্ৰযোজ্য হ’ব এক ডিচেম্বৰৰ পৰা ৷ নিয়মানুসাৰে এছ বি আইত পূৰ্বতে ৭৬ বছৰ বয়সৰ ভিতৰত কোনো ব্যক্তিয়ে যিকোনো শাখাৰ পৰা পেঞ্চন লোনৰ ক্ষেত্ৰত দিব লগা হোৱা নাছিল প্ৰছেছিং ফী৷কিন্তু সম্প্ৰতি ভৰিব লাগিব এই ধন ৷ইফালে ধন জমা দিয়াৰ সময়সীমা ৩০ ডিচেম্বৰলৈ বঢ়াই দিয়া হৈছিল ৷

উল্লেখ্য যে এছ বি আইয়ে প্ৰযোজ্য কৰা নিত্য নতুন নিয়মসমূহৰ ক্ষেত্ৰত গ্ৰাহকসকল প্ৰায়ে হাৰাশাস্তিৰ সন্মুখীন হোৱা দেখা যায় ৷ কিন্তু সম্প্ৰত্তি এই নীতিসমূহে জনসাধাৰক কিমান উপকৃত কৰে সেয়া সময়েহে ক’ব ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি