Begin typing your search above and press return to search.

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদত্যাগে প্ৰভাৱ পেলাইছে বজাৰত

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদত্যাগে প্ৰভাৱ পেলাইছে বজাৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 8:33 AM GMT

সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগে কেৱল যে ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনতেই প্ৰভাৱ পেলাইছে এনে নহয়, সমগ্ৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো প্ৰভাৱ পৰিছে ৷ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগৰ পিছতে বজাৰত মুদ্ৰা স্ফীতি হ্ৰাস পাইছে ৷ সপ্তাহৰ প্ৰথম আৰু দ্বিতীয় দুয়োটা দিনটোতেই বজাৰত মুদ্ৰাস্ফীতি হ্ৰাস পাইছে অত্যাধিক পৰিমাণে ৷ সম্প্ৰতি বজাৰত আমেৰিকাৰ টকাৰ তুলনাত ভাৰতীয় টকাৰ ১.৩ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। উল্লেখ্য যে , কাৰ্যকালৰ পৰা অব্যাহতি ল’বলৈ ১০ মাহ থকাৰ পিছতো উৰ্জিত পেটেলে সোমবাৰে নিজৰ কিছু ব্যক্তিগত কাৰণৰ দোহাই দি পদত্যাগ কৰিছিল৷অন্যহাতে ভাৰতীয় বজাৰত মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ কাৰণ সম্প্ৰতি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এগজিট প’লৰ কাৰণ বুলি প্ৰকাশ পাইছে ৷

অন্যহাতে,ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগত আৰ বি আইৰ কৰ্মচাৰীসকলো স্তম্ভিত হৈ পৰিছিল । আৰ বি আইৰ কৰ্মচাৰী সংগঠনৰ মহাসচিব সমীৰ ঘোষ এই সন্দৰ্ভত কয় যে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগত সকলো দেশ আৰু আৰবিআইৰ কৰ্মচাৰী সম্প্ৰতি স্তম্ভিত ৷ লগতে আৰ বি আইৰ গৱৰ্ণ পেটেলে পদত্যাগৰ কাৰণে নিজৰ স্বাস্থ্য সম্পৰ্কীয় কাৰণ দৰ্শাইছে ৷ যিটো সন্দেহজনক ৷ কাৰণ তেওঁৰ স্বাস্থ্যত কোনো ধৰণৰ অৱণতি দেখা নগৈছিল । ইফালে RBIৰ গৱৰ্ণ উৰ্জিত পেটেলে পদত্যাগ কৰাৰ প্ৰাকমুহূৰ্তত মুদ্ৰা নীতি শীৰ্ষক এখন বৈঠক অনুষ্ঠিত কৰিছিল ৷ কিন্তু বৈঠকখনত গৱৰ্ণৰ উৰ্জিত পেটেলে কোনো ধৰণৰ পদত্যাগ শীৰ্ষক কথা উত্থাপন কৰা নাছিল। উল্লেখ্য যে, আৰ বি আইৰ কৰ্মচাৰী সংগঠনৰ মহাসচিব সমীৰ ঘোষে কয় যে, পদত্যাগৰ কাৰণে আৰ বি আইৰ গৱৰ্ণজনে কোনো ধৰণৰ গ্ৰহণযোগ্য কাৰণ দৰ্শোৱা নাই ৷গতিকে চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ হেচাঁও গৱৰ্ণজনৰ পদত্যাগৰ কাৰণ হব পাৰে৷ লগতে কয় যে ডা° পেটেলৰ পদত্যাগৰ এই সিদ্ধান্তত আৰ বি আইৰ কৰ্মচাৰীসকলে খেদ প্ৰকাশ কৰিছে৷ লগতে চৰকাৰক আৰ বি আইৰ নীতি তথা কামৰ ওপৰত হস্তক্ষেপ নকৰিবলৈ আহ্বান কৰে আৰ বি আইৰ মহাসচিব সমীৰ ঘোষে ৷

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি