ভাৰতীয় ৰিপাব্লিকান দলৰ অসম শাখাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ভাৰতীয় ৰিপাব্লিকান দলৰ অসম শাখাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ
Published on

ভাৰতীয় ৰিপাব্লিকান দলৰ অসম শাখায়ে শুকুৰবাৰে দলৰ ইস্তাহাৰ প্ৰকাশ কৰে। ৰিপাব্লিকান দলে বৰপেটা, ধুবুৰী আৰু গুৱাহাটী সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰে । নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত গুৱাহাটী সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী চাদেক আলি উপস্থিত থকে ।

সংবাদমেল সম্বোধন কৰি ৰিপাব্লিকান দলৰ অসম শাখাৰ সাধাৰণ সম্পাদক নাথনি দাসে দলটোৰ এজেণ্ডা সমুহো প্ৰকাশ কৰে আৰু লগতে প্ৰকাশ কৰে যে ভুমিহীন লোকক নিৰাপত্তা দিয়াৰ লগতে আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলক নিৰাপত্তা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে।

ইস্তাহাৰ খনৰ মতে ৰিপাব্লিকান দলে খেতিয়ক সকলৰ উন্নয়নৰ লগতে , মহিলা সকলৰ সামাজিক- ৰাজনৈতিক সম অধিকাৰ দিয়া, মুল্য বৃদ্ধি ৰোধ কৰাকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি উল্লেখ আছে ইস্তাহাৰ খনত ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com