ভাৰতে জানে কেতিয়া, কেনেকৈ আৰু ক'ত পুলোৱামা কাণ্ডৰ প্ৰত্যুত্তৰ দিব লাগে: অজিত ডোভাল

গুৰুগ্ৰামত CRPF ৰ ৮০ সংখ্যাক পেৰেড অনুষ্ঠানত অংশগ্ৰহন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰকাশ কৰে যে ভাৰতে পুলোৱামা ত ৪০ জন CRPF জোৱানৰ শ্বহীদক পাহৰি যোৱা নাই । ১৪ ফেব্ৰুৱাৰী জেইছ ই-মহম্মদে পুলোৱামা কাণ্ড সংঘটিত কৰিছিল ।
গুৰুগ্ৰামত CRPF ৰ ৮০ সংখ্যাক পেৰেড অনুষ্ঠানত অংশগ্ৰহন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে পুলোৱামাত শ্বহীদ হোৱা CRPF জোৱান সকলক দেশবাসীয়ে কেতিয়াও নাপাহৰে বুলি প্ৰকাশ কৰে । লগতে প্ৰকাশ কৰে যে ভাৰতে কোন সময়ত কি কৰিব লাগে, কি পন্থা অৱলম্বন কৰিব লাগে সেয়া দেশে জানে ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশে কোন সময়ত কি পদক্ষেপ লব লাগে জানে। আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ।
অজিত ডোভালে এই অনুষ্ঠানতে CRPF ৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে । দুটা বেটেলিয়ান পৰা CRPF আৰম্ভ হৈছিল বৰ্তমান বৃদ্ধি হৈ ২৪২ টা বেটেলিয়ান আছে CRPF ৰ বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি