Begin typing your search above and press return to search.

ভাৰতৰ অৰ্থনৈতিক স্থিতি,ভাৰতৰ প্ৰতিভা, ভাৰতৰ সামাজিক প্ৰতিভা সকলো ক্ষেত্ৰত ভাৰতে ভেটি সুদৃঢ় কৰিছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ভাৰতৰ অৰ্থনৈতিক স্থিতি,ভাৰতৰ প্ৰতিভা, ভাৰতৰ সামাজিক প্ৰতিভা সকলো ক্ষেত্ৰত ভাৰতে ভেটি সুদৃঢ় কৰিছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2018 8:29 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে GST ৰ ক্ষেত্ৰত দিছে এক সেউজ সংকেত । মংগলবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, চৰকাৰৰ লক্ষ্য হৈছে প্ৰায় ৯৯ শতাংশ বস্তুৰ প্ৰায় ১৪ শতাংশৰ GST অৰ্থাৎ "পন্য আৰু সেৱা কৰ"ৰ ফলক লগোৱা। লগতে প্ৰধানমন্ত্ৰী মোডীয়ে বেংকৰ কৰ পৰিশোধ নকৰা লোকসকলৰ প্ৰতি উচিত ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে ৷ প্ৰথমতে GST ৰ পঞ্জীকৃত উদ্যোগৰ সংখ্যা আছিল ৬৫ লাখ। সম্প্ৰতি ৫৫ লাখ আৰু বৃদ্ধি পাইছে ৷ GST ৰ প্ৰণালী সম্প্ৰতি বহু পৰিমাণে স্থাপন হ’ল ।

আমি GST ৰ ক্ষেত্ৰত এনেধৰণে কাম কৰিবলৈ আগবাঢ়ি গৈ আছো , য’ত ৯৯ শতাংশ সামগ্ৰীৰ ১৪ শতাংশ "পণ্য আৰু সেৱা কৰ" অৰ্থাৎ GST হ্ৰাস পাব ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷ ইফালে কঠোৰ ভাষাৰে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,বেংক তথা আৰ্থিক ক্ষেত্ৰখনত লুট পাট চলাই যোৱা সকলক কেতিয়াও ক্ষমা কৰা ন’হব বুলি কয় । লগতে কয় যে, সেইসকলৰ লগতে Fugituve Economic Offenders Act 2016 অধীনিয়মত বিচাৰ হ’ব ৷ আনহাতে,হেলীকপ্তাৰ দুৰ্নীতিৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, চাৰি বছৰৰ আগত কোনে ভাবিছিল যে হেলীকপ্তাৰ দুৰ্নীতিৰ লগত জড়িত ক্ৰিষ্টিয়ান মিশ্যলক ভাৰতলৈ অনা হ’ব ৷

লগতে মোডীয়ে কয় যে পূৰ্বতে যেতিয়া কম্পেনীয়ে কৰ পৰিশোধ কৰিব নোৱাৰিছিল,তেতিয়া একো হোৱা নাছিল। তেওঁলোকৰ লগত সুৰক্ষিত পৰিয়াল,সুৰক্ষা কৰ্মী সকলো আছিল। কিন্তু সম্প্ৰতি প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰত্যেক জনতাক উপলব্ধি কৰিবলৈ শিকালে ৷ ইফালে ১৩০ কোটি ভাৰতীয়ক উদ্দেশি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, প্ৰত্যেক জন ভাৰতীয়ৰ ভাৱনা "চাৰ্জিং ইণ্ডিয়া"এই শব্দ দুটাৰ লগত জড়িত হৈ আছে ৷ ভাৰতৰ অৰ্থনৈতিক স্থিতি,ভাৰতৰ প্ৰতিভা, ভাৰতৰ সামাজিক প্ৰতিভা,সাংস্কৃতিক মূল্য,সামৰিক ক্ষেত্ৰকে আদি কৰি সকলো ক্ষেত্ৰতে ভাৰতৰ ভেঁটি সুদৃঢ় হৈছে ।

লগতে কয় যে,কোনেও নাজানিছিল যে, ট্ৰেইনত যাত্ৰা কৰা লোকসকলে এসময়ত উৰাজাহাজত যাত্ৰা কৰিব ৷ চাৰি বছৰৰ আগতে ,কোনেও নাজানিছিল যে,ৰিক্সা চলোৱা,পাচলি বিক্ৰী কৰা, তথা চাহ দোকানীয়ে সাম্পতিক সময়ত ভীম এপ ব্যৱহাৰ কৰাৰ লগতে ডেবিট কাৰ্ডৰে আত্মবিশ্বাস বঢ়াব ৷ উল্লেখ্য যে,প্ৰধানমন্ত্ৰী মোডীয়ে কয়,ভাৰতে পুনৰ ১০০ টা উপগ্ৰহ প্ৰক্ষেপণৰ সিদ্ধান্ত লৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি