ভাৰত আৰু চীনে পৰ্যালোচনা কৰিব দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক

ভাৰত আৰু চীনে পৰ্যালোচনা কৰিব দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক
Published on

ভাৰত আৰু চীনে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সম্বন্ধে পৰ্যালোচনা কৰে।চলিত বৰ্ষত চীনৰ য়ুহানত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝিনপিঙৰ মাজত অনুষ্ঠিত হোৱা অনানুষ্ঠানিক সন্মিলনৰ পিছতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষীক সম্বন্ধৰ অগ্ৰগতি সম্বন্ধে পৰ্যালোচনা কৰে চুবুৰীয়া দেশ দুখনে।ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলে আৰু চীনৰ উপ বৈদেশিক মন্ত্ৰী কং যুনাউৰ মাজত মংগলবাৰে দুয়োখন দেশৰ ভালেমান দিশ সম্পৰ্কে আলোচনা কৰা হয়।বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এপ্ৰিল মাহৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা সন্মিলনত যিবোৰ বিষয় আলোচনা কৰা হৈছিল সেই বিষয়বোৰৰ অগ্ৰগতি সম্বন্ধে পৰ্যালোচনাৰ কৰা হয়।

আগন্তুক সময়ত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়েও গভীৰ ভাবে আলোচনা কৰা হয়। দুয়োপক্ষই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু সহযোগিতা সম্বন্ধেও আলোচনা কৰে।চীনৰ আজীৱন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতে ঝিনপিঙে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে য়ুহানত দ্বিপাক্ষিক চুক্তিৰ বিষয়ত সন্মিলনত অংশ লৈছিল। যোৱা বৰ্ষত ভাৰত আৰু চীনৰ সেনাবাহিনীয়ে ডোকলাম সীমান্তত উত্তেজনাৰ সৃষ্টি কৰি ৭৩ দিনৰ বাবে উভয় পক্ষই সমুখ সমৰৰ বাবে থিয় হৈছিল। য়ুহানৰ সন্মিলনত মোডী আৰু ঝিনপিঙে ভাৰত আৰু চীনৰ মাজৰ শান্তিপূৰ্ণ সীমান্তৰ পৰিবেশ সৃষ্টিৰ বাবে যোগাত্মক কাৰ্যপন্থা গ্ৰহণৰ ওপৰতো আলোচনা কৰিছিল। মংগলবাৰে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীনৰ ষ্টেট কাউনন্সিলৰ ৱাং

ৱিঙেএও দীৰ্ঘদিনীয়া সীমা সমস্যা সম্বন্ধে আলোচনা কৰে।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com