ভাৰত : চলমান খান আৰু কেটৰিনাৰ পৰৱৰ্ত্তী শ্বুট্যিং হ'ব আবু ধাৱীত

ভাৰত : চলমান খান আৰু কেটৰিনাৰ পৰৱৰ্ত্তী শ্বুট্যিং হ'ব আবু ধাৱীত
Published on

চলমান আৰু কেটৰিনাৰ 'এক থা টাইগাৰ' ছবি খনৰ পিছত 'ভাৰত' ছবি খনত জৰিয়তে দুয়োকে একেলগে দেখা পোৱা যাব পৰৱৰ্ত্তী ছবি 'ভাৰত'ত।সেয়ে চলমান আৰু কেটৰিনাৰ অনুৰাগী সকল অতি উৎসাহেৰে বাট চায় আছে । ছবি খন মুক্তি মুছলমান সকলৰ পৱিত্ৰ ঈদৰ সময়ত। প্ৰথমে ছবি খন দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা কথা আছিল যদিও পিছলৈ প্ৰিয়ংকাই নিক জনচৰ সৈতে আঙুঠি পিন্ধোৱাৰ বাবে ছবি খনৰ পৰা আতৰি আহে ।

ছবি খনৰ নিৰ্দেশক আলী আব্বাচ জাফাৰে টুইটাৰ যোগেদি জনোৱা অনুসৰি, ভাৰত ছবি খনৰ সকলো সদস্যই আবু ধাৱীলৈ ৰাওনা হৈছে পৰৱৰ্ত্তী শ্বুট্যিংৰ বাবে ।

He captioned it as, "All set for Abu Dhabi , next destination Team @Bharat_TheFilm ..."

'ভাৰত' ছবি খন চলমান আৰু কেটৰিনাই একেলগে কৰা ষষ্ঠ খন ছবি । ইয়াৰ আগত দুয়োকে বহু জনপ্ৰিয় ছবি 'মেনে পিয়াৰ কিউ কিয়া', 'পাৰ্টনাৰ', 'যুৱৰাজ', 'এক থা টাইগাৰ', 'টাইগাৰ জিন্দা হে'। 'ভাৰত' ছবি খন কোৰিয়ান ছবিৰ "অডে টু মাই ফাডাৰ" ছবি খনৰ ৰিমেক কৰা হৈছে। জানিব পোৱা অনুসৰি ছবি খনত চলমান আৰু কেটৰিনাক ১৮বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সলৈ বিভিন্ন ৫টা বেলে বেলেগ ৰূপত দেখুওৱা হ'ব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com