Begin typing your search above and press return to search.

ভাৰত ছবিৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা নিত্য নতুন আলোকচিত্ৰই উৎসুকতা বঢ়াইছে অনুৰাগীৰ

ভাৰত ছবিৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা নিত্য নতুন আলোকচিত্ৰই উৎসুকতা বঢ়াইছে অনুৰাগীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2019 10:12 AM GMT

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি ভাৰত"ৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা শেহতীয়া চলমান খানৰ এখন ফ’টো শ্বেয়াৰ কৰিছে অতুল অগ্নিহোত্ৰীয়ে। ফ’টো খনত ছলমান খানক বগা কুৰ্তা পায়জামা পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে ৷সম্প্ৰতি ভাৰত ছবিৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা বিভিন্ন ফ’টো আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত উৎসুকতা প্ৰকাশ কৰিছে । ভাৰত ছবিত ছলমান খানৰ বিভিন্ন প’ষ্টাৰৰ পিছত শেহতীয়াকৈ অনুৰাগী সকলৰ মাজলৈ আহিছে ভাৰত ছবিৰ ট্ৰেইলৰ ৷ ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফৰ লুকে বিশেষকৈ চৰ্চা লাভ কৰিছে ।

https://www.instagram.com/p/BxEgOKHgQko/

ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফো বয়োজেষ্ঠ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ মনকৰিব লগীয়া যে সকলো মেক আপ আৰ্টিছৰ লগতে ষ্টাইলিষ্টে কেটৰীনাক সজাঁওতে প্ৰায় দুঘন্টা সময় লাগিছিল ৷ এক সাক্ষাৎকাৰত কেটৰীনাৰ ষ্টাইলিষ্ট বীৰা কাপুৰে কয় যে কেটৰীনা কাইফৰ এই ষ্টাইল অভিনেত্ৰী নুতনৰ পৰা পাইছিল ৷ ৬০ আৰু ৭০ দৰ্শকৰ বলীউডৰ অভিনেত্ৰী নুতন আছিল যথেষ্ট জনপ্ৰিয় ৷ বীৰা কাপুৰে কয় যে আমি যথেষ্ট পুৰণি হিন্দী ছবি প্ৰত্যক্ষ কৰিছো ৷

লগতে কেটেৰীনা কাইফেও কাৰ্লি হেয়াৰ যথেষ্ট পছন্দ কৰে । কাৰণ বিগত সময়ত কৰা কেটৰীনা কাইফৰ ছবিসমূহৰ লুকতকৈ এই লুক পৃথক ৷ লগতে ভাৰত ছবিত কেটেৰীনা কাইফৰ লুক পৰিৱৰ্তন হোৱাৰ প্ৰসংগত মন্তব্য কৰে যে,কেটেৰীনাক বয়জেষ্ঠ্য মহিলাৰ লুকত দেখাবলৈ এক বিশেষ ব্যৱস্থা কৰা হৈছিল ৷ এই লুকত কেটেৰীনাক উপস্থাপন কৰিবলৈ লাগিছিল প্ৰায় দুঘন্টা ৷

কাৰণ ছবিখনত কেটেৰীনা কাইফৰ ফুলা গাল,বয়স ৰেখা পৰা চকুৰে দেখা গৈছে ৷ বয়সৰ লগতে কেটেৰীনা কাইফৰ কাপোৰৰ ক্ষেত্ৰতো বিশেষ দৃষ্টি ৰাখিছে ছবিখনৰ কলা কুশলীসকলে । নিৰ্দেশক আলী আব্বাছ জাফাৰে মন্তব্য কৰে যে কেটেৰীনা কাইফক ছলমান খানৰ দৰে বয়জেষ্ঠ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে৷ দৰ্শকসকলে এনেধৰণে কেটৰীনাক কেতিয়াও দেখা নাই ।

ইতিমধ্যে বলীউডৰ বহু চৰ্চিত ভাৰত ছবিৰ মোশ্যন প’ষ্টাৰ মুক্তি পাইছে ৷ ছলমান খান (salman khan) আৰু কেটৰীনা কাইফৰ বহু চৰ্চিত ভাৰত ছবিখন এই বছৰৰ বহু অপেক্ষাৰত ছবি ৷ দৰ্শকসকলক ছবিখনৰ টিজাৰ আৰু বিভিন্ন প’ষ্টাৰে আকৰ্ষিত কৰাৰ পিছত আজি মুক্তি পাইছে ছবিখন মোশ্যন প’ষ্টাৰ।

ইফালে ছলমান খানে এই সন্দৰ্ভত টুইটাৰ যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ টুইটাৰত ছলমান খান লিখিছে যে এই ঈদত ভাৰত যাত্ৰা চাঁওক ৷ প’ষ্টাৰ সমূহত ছলমান খানক বিভিন্ন অৱতাৰত দেখিবলৈ পোৱা গৈছে ৷

ভাৰত ছবিত কেটৰীনা কাইফ , ছলমান খানৰ উপৰিও টাবু,সুনীল গ্ৰোবৰ,জেকী শ্ৰফ,দিশা পাটানী,নোৰা ফাতেহীয়ে অভিনয় কৰিছে ৷ অতুল অগ্নিহোত্ৰী,আলবীৰা খান অগ্নিহোত্ৰী,ভূষণ কুমাৰ আৰু কৃষ্ণ কুমাৰৰ দ্বাৰা নিৰ্মিত ভাৰত মুক্তি পাব ২০১৯ চনৰ ৫ জুনত।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি