Begin typing your search above and press return to search.

ভাৰত বন্ধ : সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰভাৱ

ভাৰত বন্ধ : সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰভাৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2018 11:02 AM GMT

পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰৰ দিনা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা ভাৰত বন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰায় সকলো ঠাইতে ব্যাপক প্ৰভাৱ পৰে।বিভিন্ন ঠাইত জনজীৱন ব্যাহত হৈ পৰে। সোমবাৰৰ পূৱাতে কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৰাজ্যৰ প্ৰায় প্ৰতিটো পথতে যান-বাহন চলাচল বন্ধ কৰি দিয়ে। প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰাৰ সময়ত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ টনাআঁজোৰা সৃষ্টি হয়।গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰা আৰু তত্তাৱধায়ক হৰিশ ৰাৱাটৰ নেতৃত্বত এক প্ৰতিবাদী সমদল উলিয়াই কংগ্ৰেছে। সচিবালয়ৰ সন্মুখত আৰক্ষীয়ে বাধা দিয়াৰ চেষ্ঠা কৰোতে আৰক্ষীৰ লগত হতাহতি কৰিয়েই শান্ত নাথাকি কংগ্ৰেছী সকলে বেৰিকেটো ভাঙি দিয়ে।পাছত বন্ধ সমৰ্থক সকলক আটক কৰে আৰক্ষীয়ে।ভাৰত বন্ধৰ ফলত গুৱাহাটী মহানগৰীৰ জনজীৱন ব্যাহত হৈ পৰে।

Next Story
চাকৰি