Begin typing your search above and press return to search.

ভাৰত-ভূটান দ্বিপাক্ষিক চুক্তিৰ পৰ্যালোচনা

ভাৰত-ভূটান দ্বিপাক্ষিক চুক্তিৰ পৰ্যালোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2018 9:38 AM GMT

ভাৰত-ভূটানৰ মাজৰ দ্বিপাক্ষিক চুক্তিৰ সকলো দিশ পৰ্যালোচনাৰ লক্ষ্যৰে তিনিদিনীয়া ভ্ৰমণ সূচীলৈ চুবুৰীয়া বন্ধু দেশ ভূটানলৈ উৰা মাৰিছে

বৈদেশিক সচিব বিজয় গোখলে। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ ফালৰ পৰা ভূটান চৰকাৰক সকলো প্ৰকাৰৰ সহযোগিতাৰ প্ৰসংগ আৰু ভাৰত-ভূটানৰ অনন্য বন্ধুত্বৰ ওপৰত পৰ্যালোচনা কৰা হয়।বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক সম্বন্ধ, পাৰস্পৰিক উচ্চস্তৰীয় আদান প্ৰদান, অৰ্থনৈতিক বিকাশ আৰু সহযোগিতা, তথা হাইড্ৰ' পাৱাৰ সহযোগিতাৰ ওপৰত বিষদভাবে আলোচনা কৰে।অন্যান্য ৰাজ্যিক আৰু আভ্যন্তৰীণ দিশ সমুহৰ ওপৰতো দুয়োখন দেশৰ প্ৰতিনিধি সকলে চৰ্চা কৰে।

তিনিদিনীয়া ভ্ৰমণ সূচীত ভাৰতৰ বৈদেশিক সচিব গৰাকীয়ে ভূটানৰ বৈদেশিক সচিব চোনম চোং,প্ৰধান মন্ত্ৰী লটাই চেৰিঙ আৰু প্ৰাক্তন মন্ত্ৰী টাণ্ডি দৰ্জিৰ লগতো এখন মিটিঙত অংশ লয়।অক্টোৱৰত ভূটানত নতুনকৈ গঠন হোৱা চৰকাৰখনক শুভেচ্ছা জনাবৰ বাবেই বৈদেশিক সচিবজনে ভূটান ভ্ৰমণ কৰে। ২০০৮ চনত ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা ৮০০০০০ জনসংখ্যাৰ দেশখনে প্ৰতিবাৰেই নতুন নতুন দলক নিৰ্বাচিত কৰি আহিছে। চীন আৰু ভাৰতৰ মাজত অবস্থিত দেশ ভূটানৰ অতীজৰে পৰা ভাৰত এক অভিন্ন বন্ধু।ভাৰতে সদায় ভূটানৰ বিকাশ, সুৰক্ষা,আৰ্থিক,সীমা চুক্তি,বাণিজ্য আদি দিশত সহায় কৰি আহিছে।নতুন দিল্লীয়ে ভূটানত ১৪১৬ মেগাৱাত উৎপাদন ক্ষমতাৰ তিনিটা হাইড্ৰ পাৱাৰ প্ৰকল্প নিৰ্মাণ কৰিছে য'ৰ পৰা তিনি চতুৰ্থাংশ শক্তি ভাৰতলৈ আমদানি কৰা হয়।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি