Begin typing your search above and press return to search.

ভিআইপি ৰোডৰ ৰাজ্যৰ পৰিবহন বিভাগৰ গতি কোন দিশে?

ভিআইপি ৰোডৰ ৰাজ্যৰ পৰিবহন বিভাগৰ গতি কোন দিশে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 8:30 AM GMT

মাদাৰ টেৰেছা পথ অৰ্থাৎ ভিআইপি ৰোডৰ দুয়োপাৰে থকা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ দৈনিক যাত্ৰাৰ পথত বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। মাদাৰ টেৰেছা পথটোত ছয়মাইল হৈ জু তিনিআলি,নাৰেংগী আৰু গীতানগৰেৰে অহা যোৱা কৰিব পৰা এটা বৃহত্তৰ অঞ্চল ৷ ইয়াৰ উপৰিও এই পথটোত ব্যক্তিগত বিদ্যালয়,ব্যক্তিগত চিকিৎসালয়,কলেজ, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়,বেংক আদি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে ৷

কিন্তু এনেধৰণৰ বহু প্ৰয়োজনীয় অনুষ্ঠান প্ৰতিষ্ঠান থকাৰ পিছতো কিন্তু ৰাজ্যৰ পৰিবহন বিভাগৰ বাছ চলাচল দেখা নায়ায় ৷যাৰ কাৰণে বিভিন্ন কাৰণত চিটী বাছসমূহৰ অনুপস্থিতত যাত্ৰীসকলে ই ৰিক্সা,অ’টো ৰিক্সা,ডিজেল ৰিক্সা,অ’লা,উবেৰত নিজৰ কৰ্মস্থলীলৈ যাব লগা হয় ৷ ইফালে এনেদৰে যাত্ৰা কৰা সময়ত বিদ্যালয়,কাৰ্যালয়লৈ যোৱা লোকসকলে উচ্চহাৰত ধন ভৰিব লগা হয় ।

লগতে অতি কষ্ঠকৰভাৱে কৰ্মস্থলীত উপস্থিত হয় যাত্ৰীসকল ৷১৯৯৯ চনত চিটী বাছ ভিআইপি ৰোডত চলাচল কৰিবলৈ আৰম্ভ কৰিছিল ৷ অৱশ্যে এই সেৱা বিগত সময়ত বন্ধ হৈ যায় ৷আৰু চিটী বাছৰ সেৱা কিয় বন্ধ হৈ গ’ল সেই সম্পৰ্কে কাৰোৰে ওচৰত উত্তৰ নাই । ইয়াৰ পিছত দুখন এএচটিচি বাছ ছয় মাইলৰ পৰা আদাবাৰী হৈ মাধগাৰিয়া আৰু গীতানগৰ আৰু জু তিনিআলিৰ মাজত চলাচলৰ কাৰণে আৰম্ভ কৰে ৷ অৱশ্যে এই সেৱা আছিল অনিয়মিত ৷

অনিয়মিত কাৰণে এই সেৱাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল অথবা কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কোনো ভৰষা কৰিব নোৱাৰে ৷ উল্লেখ্য যে ভিআইপি ৰোডটোৱে চচল,বাৰবাৰী,বৰটিলা,পাঠাকুৰী,নাৰেংগী,গীতা নগৰ,হাতীগড়,নাৰিকলবাৰী,মিলনপুৰ,হৰিপুৰ,শিৱপুৰ,শিৱনগৰ,অ’মেয়া,বৈকুন্ঠ নগৰ,আহমদ নগৰ,জোনাকী নগৰ,শান্তি নগৰ আৰু লক্ষী মন্দিৰক সাঙুৰি লয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি