ভিক্ষাৰীয়ে জীৱনৰ সকলো সঞ্চয় দান কৰিলে কেৰালাৰ বান পীড়িত লোকলৈ

ভিক্ষাৰীয়ে জীৱনৰ সকলো সঞ্চয় দান কৰিলে কেৰালাৰ বান পীড়িত লোকলৈ
Published on

যি সময়ত সমগ্ৰ বিশ্বতে মানৱতাৰ ভূলুন্ঠিত হৈছে সেই সময়তে পোহৰলৈ আহিছে এজন ব্যতিক্ৰমি ব্যক্তি।কেৰালাৰ কাট্টায়ম জিলাৰ পুনজাৰ অঞ্চলৰ নিবাসী মহানান নামৰ ব্যক্তি জনে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে।এই বিশেষ ব্যক্তি জন চৰ্চালৈ আহিছে এক বিশেষ কাৰনত।কেৰালাত বানপানীয়ে সমগ্ৰ ৰাজ্যখনতে তাণ্ডৱ চলোৱাত সকলো পক্ষৰ পৰা ধন বৰঙনিৰ বৰষুণ হৈছিল।চৰকাৰ, দল-সংগঠন, ৰাজনৈতিক নেতা, চেলিব্ৰেটিৰ পৰা সাধাৰন লোকলৈ সকলোৱে দান-বৰঙনি আগৱঢ়াইছিল।মহানান নামৰ ভিক্ষাৰী জনে তেওঁৰ জীৱনৰ সকলো সঞ্চয় কেৰালাৰ বান পীড়িত লোক সকললৈ দান কৰি চাঞ্চল্য সৃষ্টি কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com