ভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ জীৱনৰ দিশলৈ আগবাঢ়ি অহা এগৰাকী মাতৃৰ কাহিনী;নীনা গুপ্তা

'মা' এনেকুৱা এটা শব্দ,যিটো শব্দই বহু গভীৰ অৰ্থ বহন কৰে । 'মাক হোৱাটো এনেকুৱা এক দায়িত্ব যিটো দায়িত্ব কেতিয়াও শেষ হৈ নাযায় । এটি শিশুৰ বাবে মাকৰ তাৎপৰ্য বহুত । বহু কষ্টৰ অন্তত এটি শিশুৰ জন্ম পোৱাৰ পিছৰে পৰা মাকে গাখীৰ খুওৱাই ডাঙৰ কৰালৈ প্ৰতিটো সময়ত প্ৰতিটো স্তৰতে এগৰাকী মাতৃয়ে বহুখিনি দায়িত্ব পালন কৰে । মা এনেকুৱা এটা শব্দ নাইবা সম্বন্ধ যিটো আমি আমাৰ জীৱনৰ পৰা কেতিয়াও এৰাই চলিব নোৱাৰো । এগৰাকী মাকৰ হাততে সকলো সমস্যাৰ সমাধান থাকে ,কিন্তু মাকৰ দায়িত্ব খিনিৰ লগতে যদি এজন পিতৃৰ দায়িত্ব খিনিও মাতৃ গৰাকীয়ে বহন কৰিব লাগে তেতিয়া কিমান কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগৈ সেইটো কল্পনা কৰিব নোৱাৰি ।
আজিকালি কেৱল বিবাহ বিচ্ছেদে এক কাৰন নহয়,ইয়াৰোপৰি দীঘলীয়া যাত্ৰা,চাকৰি সূত্ৰে বাহিৰত থকা,আদি কাৰন সমূহৰ বাবেও এগৰাকী মহিলা তথা মাকে সমস্ত দায়িত্ব নিজে পালন কৰিবলগীয়া হয় । এনে পৰিস্থিতিত কেৱল নিজৰ সন্তানক চোৱাচিতা কৰাৰ লগতে অকলশৰীয়া মহিলাৰ বিপদাসংকুলৰ পৰাও নিজক ৰক্ষা কৰিবলগা হয় । আনহাতে বিবাহ পাশত আৱদ্ধ নোহোৱাকৈ সন্তান জন্ম হোৱা কথাই আমাৰ ভাৰতীয় সমাজত এনে মহিলাক অতি বেয়া চকুৰে চায় । এনে পৰিস্থিতিত এগৰাকী অকলশৰীয়া মাতৃয়ে সন্তানক ভৰন-পোষন দিয়াটো বহু কঠিন কাম ।
যদি নিজৰ স্বামীৰ অবিহনে অকলশৰীয়া মাতৃ হৈ পিতৃ-মাতৃৰ সমস্ত দায়িত্ব নিজে পালন কৰিম বুলি কোনো মহিলাই ঠিৰাং কৰিছে তেন্তে তেনে এগৰাকী মহিলাৰ ভিতৰত প্ৰবল আত্মবিশ্বাস থকা বুলি জানিব পৰা যায় ।
এনে সাহস আৰু আত্মবিশ্বাস থকা বলীউদৰ এনে এগৰাকী অভিনেত্ৰীৰ বিষয়ে আজি আলোচনা কৰা হ'ব । যিগৰাকীয়ে এজন ক্ৰিকেটাৰক প্ৰেম কৰি বিবাহ পাশত আৱদ্ধ নোহোৱাকৈ এটি সন্তানৰ জন্ম হৈছিল । দুয়োজন বেলেগে বেলেগে আতৰি অহাৰ পিছতো অভিনেত্ৰী গৰাকীয়ে কেতিয়াও হাৰ নামানি নিজৰ কন্যাক অকলে ডাঙৰ-দীঘল কৰিলে ।
নীনা গুপ্তা আৰু কন্যা মসাবা গুপ্তা
অভিনেত্ৰী গৰাকীৰ নাম নীনা গুপ্তা । নীনা গুপ্তাৰ পৰিচয় ডাঙি ধৰাৰ প্ৰয়োজন নাই যদিও তেওঁ হৈছে এগৰাকী বলীউদৰ প্ৰতিভাসম্পন্ন এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী । বলীউদৰ বহু কেইখন ছবি আৰু দৈনিক ধাৰাবাহিকত অভিনয় প্ৰদৰ্শন কৰা ইতিমধ্যে আমি সকলোৱে দেখিছোহঁক ।৫৯ বছৰীয়া নীনা গুপ্তাই অলপতে মুক্তি পোৱা বলীউডৰ 'বাধাই হো' ছবি খনত এগৰাকী প্ৰাপ্তবয়স্ক গৰ্ভৱতী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে । সৰু পৰ্দাৰ "খাণ্ডান" নামৰ ধাৰাবাহিকৰ পৰা অভিনয় আৰম্ভ কৰিছিল নীনাই ।
চাচ,সিসকী,সাত ফেৰে আদিৰ দৰে টিভি ধাৰাবাহিকত অভিনয় কৰা নীনাই মত প্ৰকাশ কৰি কৈছে যে, স্বামী,পৰিয়াল আৰু টকাৰ অবিহনে এগৰাকী মাক হোৱা অতি কঠিন । পইচা এই পৃথিৱী খনৰ আটাইতকৈ ডাঙৰ মহত্বপূৰ্ন বস্তু আৰু টকা-পইচাৰ অবিহনে জীৱনটো সংঘৰ্ষৰে ভৰি পৰে । নীনা মত প্ৰকাশ কৰে যে,কঠিন সময়ত তেওঁৰ কন্যা মসাবাৰ তৰফৰ পৰা বহু সাহস পাইছিল । বৰ্তমান সময়ত নীনাৰ কন্যা মসাবা এগৰাকী জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ ।
টিভি তথা চকচিত্ৰৰ অভিনেত্ৰী নীনাৰ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ বিবিয়ান ৰিচাৰ্ডচ সৈতে প্ৰেম হৈছিল । দুয়োজনে কেতিয়াও বিবাহ পাশত আৱদ্ধ ন'হল যদিও তেওঁলোকৰ এজনী কন্যা সন্তান আছে । ৮০ দশকৰ সুখ্যাত ক্ৰিকেট খেলুৱৈ বিবিয়ান ৰিচাৰ্ডচৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা বহু খিনি চৰ্চাৰ মাজত আছিল । কোৱা হয় যে,৮০ দশকত ৱেষ্ট ইণ্ডিজ দলৰ হৈ ভাৰতলৈ ক্ৰিকেট খেলিব আহিছিল বিবিয়ানে আৰু তেতিয়াই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় । কিন্তু প্ৰেম কেনেকৈ আৰম্ভ হয় সেই বিষয়ত সবিশেষ মতামত নাই যদিও জানিব পাৰি যে ,দুয়ো গৰাকীয়ে মুম্বাইত হোৱা এক পাৰ্টীৰ জৰিয়তে লগ পাইছিল,সেই সময়ত বিবিয়ান প্ৰথমে এবাৰ বিবাহ কৰাইছিল অৰ্থাৎ তেওঁ ইতিমধ্যে বিবাহিত আছিল,এই কথা জনাৰ পিছতো নীনা আৰু বিবিয়ানৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । বিবাহ নকৰাকৈ দুয়োজনৰ এজনী কন্যা সন্তান আছে,যিগৰাকী বৰ্তমানৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ । হয়,মসাবা গুপ্তা বিবিয়ান আৰু নীনাৰ কন্যা হয় । নীনাই অকলে মসাবাৰ প্ৰতি থকা সমস্ত কৰ্তব্য আৰু দায়িত্ব পালন কৰিছিল যাৰ বাবে তেওঁক এগৰাকী সাহসী আৰু আত্মবিশ্বাসী মহিলা হিচাপে আখ্যা দিয়া হয় ।
নীনা গুপ্তা আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ বিবিয়ান ৰিচাৰ্ডচ
https://www.instagram.com/p/BgBRc-il3Ci/?hl=en&taken-by=masabagupta
শেহতীয়া ভাৱে নীনাই চ'চিয়েল মিডিয়াত ভাল চৰিত্ৰ এটিত অভিনয় কৰাৰ ববে পোষ্ট কৰাৰ কথাই সকলোৰে মাজত চৰ্চিত হৈছিল । তাৰ পিছতে নীনাই এটি সুন্দৰ চৰিত্ৰ ৰূপায়ন কৰিবৰ বাবে সুবিধা লাভ কৰিলে । আগষ্টত মুক্তি হোৱা 'মুলক' ছবি খন দৰ্শকে অতি সুন্দৰকৈ আকোৱালি লোৱাৰ পিছত 'বীৰে দ্যি ৱেডিং' ছবি খনত দেখা পোৱা যায় । আৰু অলপতে মুক্তি পোৱা "বাধাই হো" ছবি খনেও বক্স অফিচত হিট হ'বলৈ সক্ষম হৈছে । জানিব পৰা মতে,অতি শীঘ্ৰে অৰ্জুন কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে "সন্দীপ অৰ' পিংকী ফৰাৰ' ছবিত দেখা পোৱা যাব ।
নীনাই মত প্ৰকাশ কৰি কয় যে,ছবি কেৱল হাঁহি আৰু ধেমালিৰ বাবে নহয় । ছবিয়ে সমাজত এক বিশেষ প্ৰভাৱ পেলায় আৰু নকৰাত্মক বস্তু সমূহ নোহোৱা কৰাতো সহায় কৰে ।
নীনা গুপ্তাৰ স্বামী চাৰ্টাৰ একাউণ্ট বিবেক মেহৰাৰ সৈতে
বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাৰ জীৱন বলীউডৰ কোনো ছবিতকৈ কম নহয় । ক্ৰিকেটাৰৰ সৈতে প্ৰেম,বিবাহ অবিহনে সন্তান জন্ম,অকলে নিজ কন্যাক ডাঙৰ-দীঘল কৰা আৰু পিছত নিজৰ জীৱনত অৰ্থাৎ কেৰিয়াৰত সফল-বিফলৰ বিভিন্ন কঠিন সময় আদি সমূহৰ সন্মুখীন হৈ সফলতাৰ দিশত আগবাঢ়ি নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । আটাইতকৈ গুৰুত্বপূৰ্ন কথা এইটো কোৱা উচিত যে ২০০৮চনত নীনা গুপ্তাই এগৰাকী চাৰ্টাৰ একাউণ্ট বিবেক মেহৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় । বৰ্তমান তেওঁ এটা সুখৰ জীৱনৰ সৈতে জীৱনটো চলাই লৈ গৈ আছে ।