ভিভিপেট ব্যবহাৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ

নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ত ভিভিপেটৰ ৰচিদ আৰু ইভিএমৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্বাচনী আয়োগে নিৰ্দেশ দিয়ে সোমবাৰে ।
ভাৰতীয় নিৰ্বাচনী আয়োগে সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা পৰিচালনা আৰু ৰূপায়ণ কৰিবলৈ সকলো চেষ্টা কৰিছে বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী পেনেলৰ মুখপাত্ৰয়ে ।
নিৰ্বাচনত ভিভিপেটৰ ৰচিদ আৰু ইভিএমৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগক কিছুদিনৰ পূৰ্বে নিৰ্দেশ দিছিল । ২১ জন বিৰোধী দলৰ নেতাই কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছিল ।
প্ৰত্যেক সমষ্টিৰ ৪,১২৫ ইভিএমৰ সৈতে ভিভিপেটৰ সামঞ্জস্য নিৰূপণ কৰিছে নিৰ্বাচনী আয়োগে । বৰ্তমান ২০,৬২৫ ইভিএমৰ ভিভিপেট ৰচিদ হিচাপ কৰা হৈছে বুলি প্ৰকাশ কৰে ।
বিৰোধীয়ে ৫.১৭ লাখলৈ ইভিএম মেচিন বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিছিল । ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হব ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি