Begin typing your search above and press return to search.

ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2019 8:41 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক বাতিলৰ দাবীৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এজিপিৰ প্ৰতিস্থাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই বৃহস্পতিবাৰে হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিৰত থাকিল ভোটদানৰ পৰা ৷ অসমৰ ঐতিহাসিক বিদেশী বহিস্কৃত আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা প্ৰফুল্ল কুমাৰ মহন্ত নগাঁও সংসদীয় সমষ্টিৰ ভোটদাতা ৷

বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালযৰ ভোটদান কেন্দ্ৰত হোৱা ভোটগ্ৰহণৰ পৰা বিৰত থকা ৷ মহন্তৰ পত্নী জয়শ্ৰী মহন্তও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ভোটদানৰ পৰা বিৰত থাকে ৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্তই কয় যে আমি নাগৰিকত্ব সংশোধনী বিধেয়কখনক বিৰোধিতা কৰি আহিছোঁ ৷

আমি জনসাধাৰণক আহ্বান কৰিছোঁ যে তেওঁলোকে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনক সমৰ্থন কৰাৰ পৰা বিৰত থাকে৷ শাসনাধীষ্ঠ বিজেপিয়ে শাসনলৈ অহাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰাৰ কথা উল্লেখ কৰিছে ৷

গতিকে আমি যিকোনো প্ৰকাৰে বিধেয়কখন বাতিল কৰিবলৈ প্ৰয়াস কৰিব লাগিব ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক,বিজেপি অগপৰ পুনৰ মিত্ৰতা বিৰোধী স্থিতি,তাৰ পাছত দলৰ নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

অসম গণ পৰিষদে চলিত বৰ্ষৰ জানুৱাৰী মাহত বিজেপিৰ লগত থকা মিত্ৰতা ভংগ কৰি তিনিজন মন্ত্ৰী ক্ৰমে অতুল বৰা,ফণী ভূষণ চৌধুৰী আৰু কেশৱ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে পদত্যাগ কৰে ৷ অৱশ্যে এজিপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপিৰ লগত পুনৰ মিত্ৰতা কৰিবলৈ সিদ্ধান্ত লয় ৷ উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভোটদানৰ পৰা বিৰত থকা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি