Begin typing your search above and press return to search.

ভোটদান নকৰাতো ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধ হব: সত্ৰাধিকাৰ বৈশিষ্ট্য দেৱ শৰ্মা

ভোটদান নকৰাতো ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধ হব: সত্ৰাধিকাৰ বৈশিষ্ট্য দেৱ শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2019 8:01 AM GMT

নাগৰিকে ভোটাধিকাৰ সাব্যস্ত নকৰাটো ৰাষ্ট্ৰৰ বিৰুদ্ধে এক অপৰাধ । ঐতিহাসিক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বৈশিষ্ট্য দেৱ শৰ্মাই এই মন্তব্য কৰে।

লগতে বুঢ়া সত্ৰাধিকাৰে প্ৰকাশ কৰে যে দেশৰ নাগৰিক হিচাবে ভোটদান কৰি নিজৰ মতামত ব্যক্ত কৰিব পাৰি। সেয়েহে সকলোকে যোগ্য প্ৰাৰ্থীক ভোট দান কৰিবলৈ আহ্বান জনাই সত্ৰাধিকাৰে ।

তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে সত্ৰাধিকাৰ গৰাকীয়ে প্ৰকাশ কৰে যে যদি কোনো ব্যক্তিয়ে ভোটাধিকাৰ সাব্যস্ত নকৰে তেনে তেওঁৰ ৰাজনৈতিক অধিকাৰ অথলে যাব । নিজৰ ৰাজনৈতিক অধিকাৰ অথলে যাবলৈ দিব নালাগে । সেয়েহে সকলো ভোটাৰে যোগ্য প্ৰাৰ্থীক নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব লাগে বুলি প্ৰকাশ কৰে ।

যোগ্য প্ৰাৰ্থীৰ সন্দৰ্ভত কৰা প্ৰশ্নত সত্ৰাধিকাৰ বৈশিষ্ট্য দেৱ শৰ্মায়ে প্ৰকাশ কৰে যে যোগ্য প্ৰাৰ্থীৰ ৰাষ্ট্ৰৰ কাৰণে কাম ক্ষমতা থাকিব লাগে । প্ৰাৰ্থী জন নীতিক অনুসৰণ কৰি তেওঁৰ দায়িত্ব পালন কৰা হব লাগে । কেৱল ভাল চৰিত্ৰৰে নহয়, মানৱতাৰ ওপৰত দৃঢ় বিশ্বাসী হব লাগিব বুলি প্ৰকাশ কৰে । প্ৰাৰ্থী জনৰ সমাজৰ বাবে অবদান থাকিব লাগিব । যিহেতু ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

লগতে সত্ৰাধিকাৰে কয় যে " মই যেতিয়া জন্ম হৈছিলো সেই সময়ত ব্ৰিটিছ শাসন আছিল । তাৰ পাছত স্বাধীন ভাৰতৰ নাগৰিক হ'লো । দেশৰ বিভিন্ন প্ৰান্তত উন্নয়ন হৈছে যদিও সন্তোষজনক নহয় বুলি প্ৰকাশ কৰে।

বৰ্তমান সংবাদ মাধ্যম, বাতৰি কাকত আৰু ৰাইজৰ মতামতৰ পৰা যোৱা ৫ বছৰত দেশত বহুতো উন্নয়ন মূলক আচনি গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে।

"এইবাৰ নিৰ্বাচনত ভোটাৰে যোগ্য প্ৰাৰ্থীক যাতে ভোটদান কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব। যোগ্য প্ৰাৰ্থীয়ে যাতে দেশক সেৱা আগবঢ়াব পাৰে বুলি প্ৰকাশ কৰে সত্ৰাধিকাৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি