Begin typing your search above and press return to search.

ভোটদান প্ৰক্ৰিয়াৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ

ভোটদান প্ৰক্ৰিয়াৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2019 6:49 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই (AASU) সহযোগী দলৰ সহযোগত সকলো ৰাজনৈতিক দললৈ বিধেয়ক খন বাতিলৰ কাৰণে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ আহ্বান কৰিছে ৷ অসমৰ লগতে উত্তৰ পূবৰ সকলো স্বদেশী লোকৰ সুৰক্ষাৰ কাৰণে বিধেয়ক খনৰ কাৰণে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান কৰে ছাত্ৰ সংগঠনটোৱে ৷

দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰিবলৈ উঠিপৰি লাগিছে ৷বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও নাগৰিকত্ব সংশোধনী বিধেয়ক খনক মুকলিকৈ সমৰ্থন কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শিলচৰৰ এখন বৈঠকত বিধেয়কখনত সমৰ্থন কৰে ৷ইফালে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও বিধেয়কখনৰ পক্ষত সংসদত মন্তব্য কৰিছে ৷ লগতে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে ত্ৰিপুৰাত সম্প্ৰতি স্বদেশী লোকৰ সংখ্যা অত্যন্ত সীমিত ৷ যদি এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত হোৱাৰ পিছত অসমকে ধৰি অন্য পূৰ্বোত্তৰ ৰাজ্যসমূহৰ অৱস্থা ত্ৰিপুৰা সদৃশ হৈ পৰিব ৷ বাস্তবিকতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খন বিৰোধীৰ কোনো মন্তব্যক গুৰুত্ব প্ৰদান নকৰি বিধেয়কখনত জনসাধাৰণৰ ওপৰত জাপি দিব বিচাৰিছে ৷

অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কটাক্ষ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ লোকসকলক সোনোৱালৰ দৰে মুখ্যমন্ত্ৰীৰ আৱশ্যক নাছিল ৷ যিয়ে সম্প্ৰতি বিধেয়ক খনে অসমৰ কোনো ক্ষতি নকৰে বুলট মন্তব্য কৰিছে ৷ সম্প্ৰতি ক’লা পতাকাৰ ভয়ত মুখ্যমন্ত্ৰী সোনোৱাল মুকলিকৈ ঘুৰিব নোৱাৰা হৈছে ৷যদি সোনোৱালৰ কাৰ্যকালত বিধেয়কখন গৃহীত হয় তেন্তে ৰাজ্যৰ জনসাধাৰণে সোনোৱালক কেতিয়াও ক্ষমা নকৰে ৷ আছু সাধাৰণ সম্পাদক গগৈয়ে সংগঠনটোৰ নেতা সদস্যসকলক বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত শান্তিপূৰ্ণ ভাৱে আন্দোলন আগবঢ়াবলৈ আহ্বান কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story