ভোটাৰক উৎসাহিত কৰাৰ লক্ষ্যৰে শিৱসাগৰত ৭ এপ্ৰিলত 'ৱাক ফৰ ভোট' ৰেলী

ভোটাৰক উৎসাহিত কৰাৰ লগতে সজাগতা সৃষ্টি কৰিবলৈ শিৱসাগৰ জিলা নিৰ্বাচনী বিভাগে ৭ এপ্ৰিলত ' ৱাক ফৰ ভোট ' শীৰ্ষক এক ৰেলী আয়োজন কৰিছে । শিৱসাগৰ চহৰৰ মাজ মজিয়াৰ পৰা উলিয়াব লগা ৰেলীতো আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উলিওৱা হব । শিৱসাগৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত । যোৰহাট তথা শিৱসাগৰত প্ৰথম পৰ্যায়ত ১১ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠান হব ।
শিৱসাগৰৰ বৰ্ডিঙ পথাৰৰ লগতে ৪ টা উন্নয়ন খণ্ড আৰু ৬২ খন গাঁও পঞ্চায়তত অনুষ্ঠিত হব । শিৱসাগৰত এই ৰেলীৰ ফ্লেগ অফ কৰিব SVEEP ৰ জিলা বিষয়ায়ে আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱায়ে । সংগীত শিল্পী মানস ৰবীনে এই ৰেলীত অংশগ্ৰহণ কৰিব ।
৭ এপ্ৰিলত জনসাধাৰণ লগতে শিৱসাগৰ জিলা কতৃপক্ষ , জেষ্ঠ নাগৰিকৰ উপস্থিতিত পুৱা ৭ বজাত ফ্লেগ অফ কৰা হব বুলি প্ৰকাশ কৰিছে ।
সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা কনফৰেন্স হল অনুষ্ঠিত বৈঠকত এই কথা প্ৰকাশ কৰে । জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মও বৈঠকত উপস্থিত আছিল । লোকসভা নিৰ্বাচনৰ বাবে SVEEP ৰ অধিনত কি ব্যবস্থা গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কেও প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৫৫,০০০ ভোটাৰৰ মাজত EVMs আৰু VVPATs ওপৰত সজাগতা সৃষ্টি বাবে সভা অনুষ্ঠিত কৰিছিল । লগতে এই বৈঠকতে CSCs, C-Vigil, Pwd এপৰ যোগেদি আই- হেল্পৰ কথাও প্ৰকাশ কৰে ।
ৰাজ্যত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১ এপ্ৰিলত প্ৰথম পৰ্যায় ভোট গ্ৰহণ, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত আৰু ২৩ এপ্ৰিলত তৃতীয় পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।
অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি