Begin typing your search above and press return to search.

ভোট গণনাত ৫০ শতাংশ VVPAT গণনাৰ আবেদনত উচ্চতম ন্যায়ালয়ৰ ৰায়

ভোট গণনাত ৫০ শতাংশ VVPAT গণনাৰ আবেদনত উচ্চতম ন্যায়ালয়ৰ ৰায়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 March 2019 11:40 AM GMT

আগন্তুক লোকসভাৰ নিৰ্বাচনত ভোট গননাত ৫০ শতাংশ গণনাৰ ওপৰত বিৰোধীয়ে কৰা এক আবেদনক গুৰুত্ব দি আজি উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগলৈ জাননী জাৰি কৰিছে ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সহ ন্যায়াধীশ দিপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে আবেদন গ্ৰহণ কৰি ২৫ মাৰ্চত পৰবৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে । লগতে পৰবৰ্তী শুনানিত নিৰ্বাচনী আয়োগৰ এজন দায়িত্বশীল বিষয়া উপস্থিত থকাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে ।

ভোট গননাত ৫০ শংতাশ VVPAT ত গণনাৰ আবেদনৰ কৰিছিল বিৰোধী অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডো আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে । এই আবেদন গ্ৰহণ কৰিয়ে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে । আন্দোলনকাৰী অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডোয়ে ফেব্ৰুৱাৰী মাহ প্ৰকাশ কৰিছিল যে দলে EVM ব্যবহাৰৰ বিৰুদ্ধে এপেক্স কোৰ্টত আবেদন কৰিব ।

এই আবেদনখনত ২১ টা বিৰোধী দলে সমৰ্থন আগবঢ়াইছিল । কংগ্ৰেছকে ধৰি নেচনেলিষ্ট কংগ্ৰেছ দল, আম আদমি পাৰ্টি, চি পি এম, চি পি আই, তৃণমূল কংগ্ৰেছে , সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি, ৰাষ্ট্ৰীয় লোক দালকে ধৰি বহুকেইটা দলে সমৰ্থন আগবঢ়াইছিল । ইয়াৰ পাছতে বিৰোধীয়ে NCP মুখ্য শ্বাৰদ পাৱাৰক তেওঁৰ বাসগৃহতে লগ কৰে ।

যোৱা ফেব্ৰুৱাৰী মাহত বিৰোধীয়ে EVM ৰ বিশ্বাসযোগ্যতাৰ ওপৰত নিৰ্বাচনী আয়োগক লগ কৰিব বিচাৰিছিল । কিন্তু নিৰ্বাচনী পেনেলে EVM ৰ ওপৰত কৰা অভিযোগ অস্বীকাৰ কৰে|

নিৰ্বাচনী আয়োগে লোকসভাৰ সময় সূচী ঘোষণা কৰাৰ পাছতে প্ৰতেকটো সমষ্টিতে EVM আৰু VVPAT বাধ্যতামূলক কৰাৰ পাছতে বিৰোধীয়ে উচ্চতম ন্যায়ালয়ৰ ওচৰত এই আবেদন দাখিল কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি