Begin typing your search above and press return to search.

ভোট গ্ৰহণ কেন্দ্ৰত নিৰাপত্তাৰক্ষী আৰু বুথ কেন্দ্ৰ সমুহত মুখ্য অধিকাৰী নিয়োগৰ আহ্বান

ভোট গ্ৰহণ কেন্দ্ৰত নিৰাপত্তাৰক্ষী আৰু বুথ কেন্দ্ৰ সমুহত মুখ্য অধিকাৰী নিয়োগৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 12:05 PM GMT

অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হব ৩ টা পৰ্যায়ত । প্ৰথম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব ১১ এপ্ৰিলত । দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব ১৮ এপ্ৰিল আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । নিৰ্বাচনৰ বাবে সদৌ অসম কছাৰি পৰিষদে ভোট গ্ৰহণ কেন্দ্ৰ সমুহত নিৰাপত্তা ৰক্ষী আৰু বুথ কেন্দ্ৰ সমুহত মুখ্য অধিকাৰী নিয়োগৰ আহ্বান জনাইছে ।

প্ৰথম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব ১১ এপ্ৰিলত । ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ডিব্ৰুগড়, লক্ষিমপুৰ, যোৰহাট, তেজপুৰ আৰু কলিয়াবৰ অনুষ্ঠিত হব প্ৰথম পৰ্যায় ভোট গ্ৰহণ।

১৮ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ত ৫ টা সমষ্টিৰ অনুষ্ঠিত হব ভোট গ্ৰহণ। কৰিমগঞ্জ, শিলচৰ, স্বায়ত্ত শাসিত পৰিষদ ডিফু, মংগলদৈ আৰু নগাঁও সমষ্টিত হব ভোট গ্ৰহণ । আনহাতে ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত ৪ টা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হব ভোট গ্ৰহণ ।২৩ মেত ফলাফল ঘোষণা কৰা হব ।নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰ সমুহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ।

সদৌ অসম কছাৰি পৰিষদৰ সভাপতি বাসব চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক ফকৰ উদ্দিন আহমেদে প্ৰেছ বিবৃতি খনত ভোট গ্ৰহণ কেন্দ্ৰ সমুহত নিৰাপত্তা ৰক্ষীৰ লগতে বুথ কেন্দ্ৰ সমুহত মুখ্য অধিকাৰী নিয়োগৰ নিয়োগ আৰু নূন্যতম সুবিধা খিনিৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি