ভৰত নৰহ আৰু ৰাণী নৰহৰ বিৰুদ্ধে দলীয় কৰ্মীৰ বিক্ষোভ

ভৰত নৰহ আৰু ৰাণী নৰহৰ বিৰুদ্ধে দলীয় কৰ্মীৰ বিক্ষোভ
Published on

অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এইক্ষেত্ৰত শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা অশান্তিৰ সুযোগ লোৱাত ব্যৰ্থ হৈছে কংগ্ৰেছ। লক্ষীমপুৰ জিলাৰ বিভিন্ন গাওঁ পঞ্চায়ততো কংগ্ৰছৰ আভ্যন্তৰত প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট তীব্ৰতৰ হৈ পৰিছে। উদাহৰণস্বৰূপে লক্ষীমপুৰ জিলাৰ ঘিলামাৰী জিলা পৰিষদৰ অন্তৰ্গত শোৱনশিৰি গাওঁ পঞ্চায়ততো অনুৰূপ ঘটনাৰ সৃষ্টি হৈছে। টিকত বঞ্চিত কংগ্ৰেছৰ সমৰ্থকে টিকত প্ৰদান কৰাত ব্যাপক খেলিমেলিৰ অভিযোগ তুলি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ আৰু বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ ৰাণী নৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উগ্ৰ দলীয় সমৰ্থকে বালি মেডাক দলঙত সমবেত হৈ দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আৰু জিলাখনৰ কংগ্ৰেছৰ নেতা দিলীপ কামান আৰু মানিক চুতীয়াৰ বিপক্ষে শ্লোগন দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদী উগ্ৰ সমৰ্থক সকলে ধনৰ বিনিময়ত দলে কিছুমান অচিনাকী ব্যক্তিক গাওঁ পঞ্চায়ত,জিলা পৰিষদৰ টিকত প্ৰদান কৰা বুলি অভিযোগ কৰে। দলীয় সমৰ্থক সকলে ঘিলামৰা জিলা পৰিষদৰ বাবে মনি কামানক টিকত প্ৰদান কৰাটো বিছাৰিছিল যদিও গীতাৱলী কামানকহে দলে টিকত প্ৰদান কৰে যাৰ বাবে কংগ্ৰেছৰ প্ৰকৃত সমৰ্থক সকল আশাহত হৈছে। সেইদৰে শোৱনশিৰি গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে গুনেশ্বৰ কামানৰ সলনি দিগেন কামানেহে টিকত লাভ কৰে। কংগ্ৰেছৰ দলৰ এই প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতে প্ৰকৃততে বিজেপি আৰু অন্যান্য দলক লাভাম্বিত কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com