Begin typing your search above and press return to search.

মংগলবাৰে মোদী, অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰন বিধি উলংঘা কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

মংগলবাৰে মোদী, অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰন বিধি উলংঘা কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2019 11:12 AM GMT

মংগলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰন বিধি উলংঘা গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে| নিৰ্বাচনী ৰেলীত মডেল ক'ড অব ক'ণ্ডাক উলংঘা কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি উচ্চতম ন্যায়ালয়ৰ ওচৰত অনুৰোধ জনাই কংগ্ৰেছে ।

কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ কাৰণে নিৰ্বাচনী আয়োগে একো পদক্ষেপ নোলোৱাৰ অভিযোগত সাংসদ গৰাকী কাষ চাপে উচ্চতম ন্যায়ালয়ৰ ওচৰত ।

সাংসদ সুস্মিতা দেৱে আবেদন খনত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিৰ্বাচনী ৰেলীত ৰাজহুৱাকৈ সেনা বাহিনীৰ অভিযানৰ কথা প্ৰকাশ কৰিছিল। যিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে । বাৰম্বাৰ সেনা বাহিনীৰ কথা উল্লেখ কৰাটোয়ে নিৰ্বাচন বিধিৰ বিৰোধী সেয়ে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই ।

কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায় ভোট গ্ৰহণ শেষ হোৱাৰ পাছত নিৰ্বাচনী আয়োগৰ ওচৰত প্ৰধানমন্ত্ৰী মোদীয়ে আহমেদাবাদৰ বথুৰ বাহিৰত ৰাজনৈতিক মন্তব্য কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল ।উচ্চতম ন্যায়ালয়ে কংগ্ৰেছৰ আবেদন গ্ৰহণ কৰি মংগলবাৰে শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে ।

শিলচৰৰ কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱেৰ আবেদন শুনানি মংগলবাৰে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি