মই কাৰো অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ গাৰ্লফেণ্ড নহয়ঃ হৰলীন সেঠী
অভিনেত্ৰী তথা নৃত্যশিল্পী হৰলীন চেঠীয়ে বিক্কী কৌশলৰ লগত হোৱা ব্ৰেকআপৰ সম্পৰ্কত ইতিবাচক মন্তব্য আগবঢ়াই । বিক্কী কৌশলৰ ২০০ কোটি টকা উপাৰ্জন কৰা উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতে ব্ৰেকআপ হয় অভিনেত্ৰী হৰলীন চেঠীৰ লগত ৷ সংবাদ মাধ্যমৰ লগত হোৱা এক সাক্ষাৎকাৰত হৰলীন চেঠীয়ে কয় যে এই সমগ্ৰ বিষয়টোৱে মোতকৈ বেছি মোৰ পৰিয়ালবৰ্গক বেছিকৈ আঘাত কৰিছিল ৷এজন ব্যক্তি হিচাপে আমাৰ সকলোৰে নিজৰ পৰিচয় আছে ।মোৰ নাম ছবিৰ এজন ষ্টাৰৰ লগত জৰিত হৈ পৰিছে ৷
অৱশ্যে, মই এতিয়ালৈকে কোনো ছবিত অভিনয় কৰা নাই যদিও এই বিষয়ে মই একো নাভাবো । মই নিজকে বহুত ভাল পাঁও। মোক সকলোৱে হৰলীন চেঠী নামেৰে জনাটো বিচাৰোঁ ৷মই ভাবো যে মোক কাৰোবাৰ প্ৰাক্তন প্ৰেমিকা হিচাপে জনাটো নিবিচাৰোঁ। মই কাৰোৰে প্ৰাক্তন প্ৰেমী বা বৰ্তমানৰ প্ৰেমীকা নহয়।মই হৰলীন চেঠী ৷ হৰলীন চেঠীয়ে ছ’পাক ছবিখনৰ অভিনেতা বিক্ৰান্ত মেছীৰ লগত ৱেব চিৰিজত অভিনয় কৰিছে।
সম্প্ৰতি ৱেব চিৰিজখনৰ দ্বিতীয় পাৰ্টৰ কাৰণে সাজু হৈছে অভিনেত্ৰী হৰলীন চেঠী ৷ ইফালে বিক্কী কৌশলে লগত অহা ব্ৰেক আপৰ পিছত হৰলীন চেঠীৰ অনাগত প্ৰজেক্ট সমূহে কিবা প্ৰভাৱ পেলোৱাৰ সন্দৰ্ভত কয় যে এগৰাকী অভিনেত্ৰী হিছাপে আমাৰ জীৱনত বহু ঘটনা ঘটে৷ গতিকে এই সমূহ ঘটনাই মোৰ জীৱনত একো প্ৰভাৱ নেপেলায় ৷আনহাতে, হৰলীন চেঠীৰ ব্ৰেক আপৰ পিছত ইনষ্টাগ্ৰামত এক প’ষ্টৰ জৰিয়তে অনুৰাগীলৈ কিছু লিখনি আগবঢ়াইছিল । হৰলীন চেঠীক সম্প্ৰতি দেখা গৈছে কৰিঅ’গ্ৰাফাৰ মেলভিন লুইচ আৰু বৰুণ ধাৱানৰ লগত ৷ কলংক ছবিৰ ফাষ্ট ক্লাছ গীতটিত নৃত্য প্ৰদৰ্শন কৰিছিল হৰলীন চেঠীয়ে ৷ এই ভিডিঅ’টি অত্যন্ত জনপ্ৰিয় হৈছিল অনুৰাগীসকলৰ মাজত।
বিক্কী কৌশলৰ বলীউডত নতুন প্ৰজেক্ট সমূহৰ সমান্তৰালকৈ চৰ্চা লাভ কৰিছে লভ লাইভে ৷ কাৰণ প্ৰায় সংখ্যক যুৱতীৰ সপোন কোৱঁৰ বিক্কী কৌশল । ছ’চিয়েল মিডায়াত প্ৰকাশ পাইছিল যে বিক্কী কৌশল আৰু গাৰ্ল ফেণ্ড হৰলীন চেটীৰ মাজত প্ৰেমৰ সম্পৰ্ক অভিনেত্ৰী কেটৰীনা কাইফৰ কাৰণে ভাগিছে বুলি বলীউডত গুজৱ ওলাইছে ৷
অলপতে এক সাক্ষাৎকাৰত বিক্কী কৌশলে কয় নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। কিন্তু অতি সাৱলীল ভাৱে বিক্কী কৌশলে কয় যে দৰ্শকৰ লগত মিংগল হ’বলৈ বিক্কী কৌশল সাজু হৈছে ৷ গতিকে সম্প্ৰতি এই কথাষাৰেই প্ৰমাণ কৰিছে যে বিক্কী কৌশল সম্প্ৰতি চিংগল হৈ আছে। বিক্কী কৌশল আৰু হৰলীন সম্প্ৰতি একেলগে নাই ৷ ইফালে বিক্কী কৌশলে উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ ছবিৰ জৰিয়তে দৰ্শকৰ আকৃষ্ট কৰিবলৈ সক্ষম হয় । ছবিখনত মোহিত ৰেনা, য়ামী গৌতমে অভিনয় কৰিছিল ৷
উৰি অভিনেতা বিক্কী কৌশল যুৱতী সকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ইফালে কিছুদিনৰ আগতে এগৰাকী অনুৰাগীয়ে বিক্কী কৌশলৰ গাৰ্ল ফেণ্ড হাৰলীন সেঠীৰ সম্পৰ্কত ঈৰ্ষা কৰাৰ কথা কয় ৷ সেই সময়তে অভিনেতা বিক্কী কৌশলে হাঁহি কয় যে ঈৰ্ষা নকৰিবা ৷ অৱশ্যে বিক্কী কৌশলে হাৰলীন সেঠীৰ সম্পৰ্কত কোনো মন্তব্য নকৰিলে যদিও কয় যে কাৰোবাৰ মুখত হাঁহি বিয়পাবৰ কাৰণে কেৱল সুখী হ’ব লাগে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন