মঙলদৈত আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভণি

মঙলদৈত আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভণি
Published on

সমগ্ৰ দেশৰ লগতে আজি দৰং জিলাতো " আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা " কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই উপলক্ষে মঙলদৈ জিলা পুঁথিভৰালত অনুষ্ঠিত কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰ শুভাৰম্ভণি কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ ডি পি এম শ্বাবনা চৌধুৰী আৰু ডি চি এম মৌচুমী কলিতাই আতঁধৰা অনুষ্ঠানটোত দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰূপলাল নুনিছা, অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত থাকি ভাষণ আগবঢ়ায়। উল্লেখ্য যে চিকিৎসালয়ত উদ্ভৱ হোৱা ব্যয়বহুল পৰিস্থিতিৰ পৰা দৰিদ্ৰ আৰু অনগ্ৰসৰ ৰাইজক আৰ্থিকভাৱে সকাহ দিয়াৰ উপৰি তেওঁলোকৰ বাবে তেওঁ লোকৰ বাবে নিশ্চিত সেৱাৰ লক্ষ্যৰে প্ৰতি বছৰে ৫ লাখ টকাৰ নগদ বিহীন সহায়তাৰে কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা এই আঁচনিৰ ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰে। ইয়াৰ শুভাৰম্ভনিৰ দৃশ্য ইন্টাৰনেটৰ মাধ্যমৰে উপভোগ কৰে। এই অনুষ্টানত ১০০ গৰাকী হিতাধীকাৰীক আনুষ্ঠানিকভাৱে এই কাৰ্ডখন প্ৰদান কৰে । এই আশা কৰ্মী সকলৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com