
মঙলদৈ চহৰৰ নিকটৱৰ্তী ১নং বেজপাৰাত খাদ্যত বিষক্ৰিয়াৰ ফলত শিশু সহ ৩০ জনক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে ১ নং বেজপাৰাৰ অম্বৰীশ কলিতাৰ ঘৰত সদ্য প্ৰয়াত মাতৃ দৈৱকী কলিতাৰ সকামত দৈ, চিৰা, বুট, পিঠাগুৰিৰে আপ্যায়ন কৰিছিল। কিছুসময় পিছতে এনে খাদ্য গ্ৰহণ কৰা বমি, পেটৰ বিষ, শৌচ অস্বাভাৱিক হাৰত হোৱাত লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়ত ১০৮ তথা ব্যক্তিগত বাহনৰে ভৰ্ত্তি কৰা হয়। ঘটনাৰ পিছতে হস্পিতালখনত এক অনাহূত পৰিবেশৰ সৃষ্টি হয়। চিকিৎসালয় কতৃপক্ষই তৎপৰতাৰে আক্ৰান্ত সকলৰ চিকিৎসা ব্যৱস্থা কৰে।
ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, বিধায়ক গুৰুজ্যোতি দাস চিকিৎসালয় খনত উপস্থিত হৈ আক্ৰান্ত সকলৰ স্বাস্থ্যৰ বুজ লয়। ইফালে মঙ্গলদৈ বজাৰৰ এখন প্ৰতিস্থিত দোকানৰ পৰা অনা হৈছিল দৈ । ইয়াক লৈ ক্ষোভিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতি । তেওঁলোকে জিলাখনত এগৰাকী খাদ্য পৰিদৰ্শক নথকাৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে বুলি উল্লেখ কৰাৰ লগতে প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবে বহুত ব্যৱসায়ীয়ে অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰি আহিছে বুলি গুৰুতৰ অভিযোগ উথাপন কৰে।