Begin typing your search above and press return to search.

মঙলদৈত বাজাৰ ইণ্ডিয়াৰ শ্বপিং মল ছীল কৰিলে প্ৰশাসনে

মঙলদৈত বাজাৰ ইণ্ডিয়াৰ শ্বপিং মল ছীল কৰিলে প্ৰশাসনে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2018 5:19 AM GMT

মঙলদৈ চহৰত আজিৰ পৰা ২৭ দিন পূৰ্বে মুকলি কৰা 'বাজাৰ ইণ্ডিয়া' নামৰ শ্বপিং মলখন এমাহ নহওঁতেই জিলা প্ৰশাসনে বন্ধ কৰিবলগীয়া হোৱা কাৰ্যই বহুজাতিক ব্যৱসায়ী প্ৰতিষ্ঠান খনৰ ফোপোল স্বৰূপটো উদঙাই তুলিছে। দূৰ্গাপূঁজাৰ প্ৰাকক্ষণত অধিক মুনাফা আদায় কৰাৰ স্বাৰ্থত এই ব্যৱসায়ী প্ৰতিষ্ঠনখনে সকলো নিয়ম-নীতি জলাঞ্জলী দি খৰখেদাকৈ মুকলি কৰি ব্যৱসায় চলাই আছে যদিও আজিলৈ পৌৰ সভাৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ নোলোৱাৰ লগতে উপযুক্ত পাৰ্কিঙকে ধৰি অন্যান্য সা-সুবিধাৰ অভাৱ তথা বিদ্যুৎ সংযোগ স্থায়ীভাৱে নোলোৱাকৈ বিপদজনকভাৱে জেনেৰেটৰৰ সহায়ত বিদ্যুৎ পৰিবাহী কৰি থকাৰ বাবে আজি মঙলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বীপশিখা শইকীয়াই মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা আৰু পৌৰসভাৰ কৰ্মীসকলৰ উপস্থিতিত উক্ত প্ৰতিষ্ঠানখন ছীল কৰে।

জানিব পৰা মতে প্ৰতিষ্ঠান খনক প্ৰশাসনে কেবাবাৰো সকিয়াই দিয়াৰ পিছতো তেওঁলোকে গুৰুত্ব প্ৰদান নকৰাত এই ব্যৱস্থা লব লগীয়া হয় বুলি চক্ৰ বিষয়াগৰাকীয়ে সাংবাদিকক জানিব দিয়ে। তিনিদিন পূৰ্বে জিলা দূৰ্যোগ প্ৰশমন বিভাগ, মঙলদৈ পৌৰ সভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গড়কাপ্তানী বিভাগৰ মঙলদৈ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়াৰ যৌথ পৰ্যবেক্ষণৰ প্ৰতিবেদনৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে বাজাৰ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, পৌৰপতি প্ৰতাপ বৰদলৈ উপস্থিত আছিল যদিও ব্যৱসায়িক অনুজ্ঞাপত্ৰ, পাকিং, বিদ্যুতৰ স্থায়ী সুবিধা নোহোৱাৰ পিছত কেনেদৰে প্ৰসাশনৰ বৰমূৰীয়া সকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল সেয়া ৰসহ্যৰ বিষয় হৈ পৰিছে বুলি সচেতন মহলে চৰ্চা কৰিছে।

ইফালে প্ৰশাসনৰ এই উচ্ছেদক নাটক আখ্যা দিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিয়ে। ক্ষোভেৰে যুৱ মঞ্চৰ নেতৃবৃন্দই উল্লেখ কৰে যে ঢাকেশ্বৰী বস্ত্ৰালয়, মহাময়া বস্ত্ৰালয়কে ধৰি বহুকেইখন বৃহৎ ব্যৱসায়িক প্ৰতিস্থানে পাকিঙৰ ব্যৱস্থা নোহোৱাকৈ চলি আছে। পৌৰ আইন ভৰিৰে মোহাৰা এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৰৰ্ৱতী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব বুলি তেওঁলোকে মত ব্যক্ত কৰে। ইফালে মঙলদৈ কাপোৰ বজাৰৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান মাতৃ বস্ত্ৰালয়ে অবৈধ ভাৱে দখল কৰি থকা ফুটপথটো উচ্ছেদ কৰি তাত অবৈধভাৱে থকা বৃহৎ পৰিমাণৰ কাপোৰ, সা-সামগ্ৰী আদি জব্দ কৰে। মাতৃ বস্ত্ৰালয়কে ধৰি বজাৰৰ অসংখ্য ব্যৱসায়ীয়ে ফুটপাথ তথা বাৰান্দা সমূহ অবৈধভাবে বেদখল কৰি থকাৰ ফলত বজাৰলৈ অহা লোকসকল বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।অচিৰেই সেইসমূহ প্ৰতিষ্ঠানৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি চক্ৰ বিষয়া গৰাকীয়ে জানিব দিয়ে। প্ৰশাসনৰ এনে সিদ্ধান্তক বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে।

Next Story
চাকৰি