মঙলদৈত শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

মঙলদৈত শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা
Published on

দৰং জিলা স্বাস্থ্য প্ৰশিক্ষক সন্থাৰ উদ্যোগত মঙলবাৰে এখন সম্বৰ্ধনা সভা জিলা কৰ্মচাৰী ভৱনত অনুষ্ঠিত হয়। সন্থাৰ সভাপতি চইফুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা স্বাস্থ্য বিভাগৰ চাৰিগৰাকী সদ্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ক্ৰমে দিলীপ বৰদলৈ, মোহন চন্দ্ৰ চহৰীয়া, মোহন ডেকা আৰু পংকজ বৰাক সন্থাৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনায়। দৰং জিলা স্বাস্থ্য প্ৰশিক্ষক সন্থাৰ সম্পাদক সুৰেন্দ্ৰ বৰুৱাই আঁত ধৰা এই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দৰং জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ নাথ হাজৰিকাই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ মুখ্য সহায়ক মতলিব উদ্দিন আহমেদে।

আনহাতে শান্তিপুৰ ছোৱালী হাই স্কুলৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভৱানী শৰ্মাৰ বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত কৃতি শিক্ষক গৰাকীক স্থানীয় ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক কৰ্মচাৰী গোট, বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰীসকলে বিপুল সম্বৰ্ধনা জনায়। সভাত কৃতি শিক্ষক জনৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম শৰ্মা, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ নাথ হাজৰিকা, বিশিষ্ট নাগৰিক বসন্ত শৰ্মা আৰু প্ৰমোদ শইকীয়া, মেধিপাৰা হাই স্কুলৰ প্ৰধান শিক্ষক তীৰ্থ শৰ্মা আদিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com