মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমিত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা

মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমিত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা
Published on

শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক এই সকলো ধৰণৰ স্বাস্থ্যৰেহে আমি এজন মানুহক সুস্বাস্থ্যবান বুলি বিবেচনা কৰিব পাৰো ।কিন্তু বৰ্তমান সময়ত আমাৰ দৰে দেশত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত আমিবোৰ এতিয়াও কম সচেতন । এই উদ্দেশ্য আগত ৰাখিয়ে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত দৰং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু মানসিক ৰোগ বিভাগ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ সহযোগত জিলাৰ বিভিন্ন ঠাইত সজাগতামূলক সভা অনুষ্ঠিত কৰি অহা হৈছে । এই উদ্দেশ্য আগত ৰাখি ১৫ ছেপ্টেম্বৰত মঙলদৈৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমিত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সম্বন্ধীয় এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । এই সভাত উপষ্ঠিত থাকে ক্ৰমে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰুপলাল নুনীচা,মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ জে এম কটকী, মনোৰোগ বিশেষজ্ঞ ডাঃ মুনীন্দ্ৰ মেধি, মনোবিজ্ঞানী পুষ্প কলিতা, আৰ বি এছ কেৰ মনোবিজ্ঞানী ৰিম্পী চুলতানা, মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰী ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com