Begin typing your search above and press return to search.

মঙলদৈ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট ক্ৰীড়াবিদ বীৰেণ মেধি

মঙলদৈ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট ক্ৰীড়াবিদ বীৰেণ মেধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2018 12:43 PM GMT

ক্ৰীড়া প্ৰতিভাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহবান জনালে বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক তথা ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ বীৰেণ মেধিয়ে। আজি মঙলদৈ প্ৰেছ ক্লাৱত প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি হিচাপে উপস্থিত থাকি, বিশিষ্ট ক্ৰীড়া সংগঠক মেধিয়ে কয় যে কেবল আক্ষৰিক শিক্ষাই যথেষ্ট নহয়, ইয়াৰ সমান্তৰাল কৈ ক্ৰীড়া প্ৰতিভা বিকশিত কৰিও এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত অভিভাৱক সকলক তেওঁ গুৰুত্ব দিবলৈ আহবান জনাই ।

মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল খালেকে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি কয় যে খেৰ আৰু খেলুৱৈৰ প্ৰতি তেওঁৰ যি ভালপোৱা বা আন্তৰিকতা তাত অলপমানো কৃত্ৰিমতা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মঙলদৈ তথা দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনা বীৰেণ মেধিয়ে কাইলৈ ৮০ বছৰ সম্পূৰ্ণ কৰিব যদিও এতিয়াও তেওঁ এজন তৰুণ খেলুৱৈৰ দৰে ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি গৈ থকা বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰি তেওঁক শতৰ্বষ অতিক্ৰম কৰাৰ কামনা কৰে। অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু জাপিৰে বিপুল সম্বৰ্ধনা জনোৱা হয়‌। সম্বৰ্ধনা পত্ৰ পাঠ কৰে মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক মুকুট ৰাজ শৰ্মাই। সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰি অভিভূত হৈ পৰা মেধিয়ে প্ৰেছ ক্লাৱৰ এই উদ্যোগৰ শলাগ লয়।

১৯৩৮ চনৰ ২৮ অক্টোবৰত দৰং জিলাৰ মঙলদৈ নগৰৰ শলালপাৰা গাঁৱত জন্মগ্ৰহণ কৰা মেধিয়ে ১৯৪৮ চনত বামুণপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে যদিও ১৯৫৬ চনত তেওঁ গুৱাহাটীৰ ডনবস্ক হাইস্কুলত নামভৰ্তি কৰে । ১৯৬০ চনত তেওঁ মেত্ৰিক পাছ কৰাৰ পাছত কটন মহাবিদ্যালয়ত অধ্যায়ণ কৰি আই এ পাছ কৰে। ১৯৬৩ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে মঙলদৈ মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও ডিগ্ৰী সম্পূৰ্ণ নহওটেই তেওঁৰ মঙলদৈ ষ্টেট বেংকত চাকৰি লাভ কৰি চাকৰি জীৱন আৰম্ভ কৰে। উল্লখ্য যে ১৯৬২ চনত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উদ্বোধনী খেলত ( ফুটবল ) মঙলদৈ জিলা দলৰ হৈ প্ৰতিনিধিত্ব কৰি গুৱাহাটী টাউন ক্লাৱক পৰাজিত কৰাত মুখ্য ভূমিকা লৈছিল বীৰেণ মেধিয়ে।

ইয়াৰ পিছত ১৯৬৪ চনৰ পৰা তেওঁ এথলেটিকছ খেল খেলিবলৈ লয় আৰু এতিয়াও নিজৰ ক্ৰীড়া প্ৰতিভাৰে তেওঁ দূৰন্ত তৰুণৰ দৰে নিজকে এজন সুস্বাস্থ্যৰ অধিকাৰী হিচাপে পৰিচয় দিবলৈ সমৰ্থ হৈছে। এতিয়াও তেওঁ দৈনিক দহ কিলোমিটাৰ দৌৰে, ব্যায়াম কৰে, চাইকেল চলায় আৰু নিজৰ দৈনন্দিন জীৱনো সুন্দৰভাৱে চলাই গৈছে। বীৰেণ মেধিৰ এইবাৰৰ মেচেজ " ৰাণ ফৰ গুড হেল্থ " বুলিও তেওঁ উল্লেখ কৰে। বৰ্তমানৰ মঙলদৈ ষ্টেডিয়ামৰ ইতিহাস ব্যাখ্যা কৰি ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন জনৰ অৰিহণাৰ কথা উল্লেখ কৰে ।

অনুষ্ঠানত উপস্থিত থাকি মঙলদৈ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকা আৰু মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ কমলাকান্ত বৰাই বীৰেণ মেধিৰ অপ্ৰতিৰোধ্য ক্ৰীড়া প্ৰতিভাৰ শলাগ লৈ তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ যুৱ প্ৰজন্মক আহবান জনায়। আজিৰ এই অনুষ্ঠানত দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞা, কাৰ্যনিবাহক সদস্য অখিল কলিতা, সমাজকৰ্মী গিৰীধৰ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খলিলুৰ ৰহমান, বীৰেণ মেধিৰ পত্নী সাবিত্ৰী মেধি আৰু পৰিয়ালবৰ্গ প্ৰমুখ্যে সাংবাদিক সকল আৰু একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Next Story
চাকৰি