মঙলদৈ সাহিত্য চ'ৰাৰ ২৪৩ তম বৈঠক সম্পন্ন

দৰঙৰ সুকনানি ওজাপালিৰ মহীৰূহ আছিল হাজৰিকাপাৰাৰ প্ৰয়াত থানুৰাম কলিতা ওজা। একালত দৰঙৰ মাৰৈ পূজাথলিত ওজা আৰু তেখেতৰ সুদক্ষ পালিসকলে গোৱা সুকবি নাৰায়ন দেৱৰ পদ্মাপুৰানৰ সুললিত পদ আৰু দেওধনী নৃত্যৰ পৰিবেশনে এক গভীৰ আলোচনাৰ সৃষ্টি কৰিছিল। এইদৰে কয় বিশিষ্ট শিক্ষাবিদ লেখক তৰুণ চন্দ্ৰ শৰ্মাই। বামুণপাৰাত অনুষ্ঠিত মঙলদৈ সাহিত্য চৰাৰ ২৪৩ তম বৈঠকত " মনসা পূজা আৰু সুকনানি ওজাপালি নামৰ স্বৰচিত গ্ৰন্থখন প্ৰকাশ কৰি শৰ্মাই সুকনানি ওজাপালি উপযুক্ত সংৰক্ষণ, অধ্যয়ন নহলে ই এদিন লোপ পাব বুলি কয়।
আজিৰ ওজাপালিয়ে পৰিবেশনৰ সময়ত জাপ মাৰে বুলি কৈ প্ৰকৃততে ওজাপালিয়ে জাপ নামাৰে বুলি দাবী কৰে। গ্ৰন্থখন উন্মোচন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। শাৰদী বিয়লি গ্ৰন্থখন উন্মোচন কৰি বিধায়ক দাসে কয় যে ইন্টাৰনেট যুগতো গ্ৰন্থ অধ্যয়নৰ প্ৰতি মানুহৰ আগ্ৰহ কমা নাই। বৰঞ্চ গ্ৰন্থৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িছেহে। সুকনানি ওজাপালি দৰঙৰ এক সংস্কৃতি বুলি অভিহিত কৰি ইয়াক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিব লাগিব বুলি কয়।
তৰুণ চন্দ্ৰ শৰ্মাৰ মনসা পূজা আৰু সুকনানি ওজাপালি " গ্ৰন্থখনে নতুন প্ৰজন্মক ওজাপালি সৰ্ম্পকত এক জ্ঞান ভাণ্ডাৰ হৈ পৰিব। মঙলদৈ সাহিত্য চৰাৰ সম্পাদক পদ্মেশ্বৰ চহৰীয়াই উদ্দেশ্য বাখ্যা কৰা সভাখনত বিভিন্নজন সাহিত্যিকে গল্প, কবিতা, নিবন্ধ আদি পাঠ কৰে। তেওঁলোকৰ ভিতৰত অনাতাঁৰ শিল্পী মনিকুন্তলা দাসে নিয়ৰৰ ফুল আৰু তামোল পাণৰ মহিমা নামৰ দুটি কবিতা আৰু নৱ শৰ্মাই বৃহঙ্গম দৃষ্টিত বামুণ পাৰা প্ৰবন্ধই সকলোকে আপ্লুত কৰে। বৈঠকত সাহিত্যিক পেঞ্চনাৰ, সংস্কৃত পণ্ডিত মতিদেৱ শৰ্মা শাস্ত্ৰী , ঠগেশ্বৰ বৰুৱা, হৰেশ্বৰ শৰ্মা, অৰুণ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।