Begin typing your search above and press return to search.

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ডিচেম্বৰৰ ১৭ তাৰখে শপত গ্ৰহণ কৰিব কমল নাথে

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ডিচেম্বৰৰ ১৭ তাৰখে শপত গ্ৰহণ কৰিব কমল নাথে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2018 8:22 AM GMT

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অবশেষত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ডিচেম্বৰৰ ১৭ তাৰিখে শপত গ্ৰহণ কৰিব জেষ্ঠ কংগ্ৰেছী নেতা কমল নাথে। ৭২ বছৰীয়া কংগ্ৰেছ নেতা গৰাকীক মধ্যপ্ৰদেশৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বচিত কৰাৰ পিছতে কমল নাথে শুক্ৰবাৰে ৰাতিপুৱা মধ্যপ্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলক সাক্ষাৎ কৰে। মধ্যপ্ৰদেশৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছে সফলতা লাভ কৰাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হব তাকে লৈ জল্পনা কল্পনা চলি আছিল।

একাংশই কমল নাথক মুখ্যমন্ত্ৰী হিচাপে বিছৰাৰ বিপৰীতে একাংশই যুৱ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল। শেষত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে কমল নাথকে অভিজ্ঞতাৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বাবে অগ্ৰাধিকাৰ দিয়ে। কমল নাথক ডিচেম্বৰৰ ১৭ তাৰিখে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যপাল আনন্দিবেন পেটেলে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাব। সদ্যসমাপ্ত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত ২৩০ খন আসনৰ ভিতৰত কংগ্ৰেছে ১১৪ খন আৰু বিজেপিয়ে ১০৯ খন আসন লাভ কৰিছিল। কংগ্ৰেছে বহুজন সমাজবাদী পাৰ্টি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত সংখ্যগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰিব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি