Begin typing your search above and press return to search.

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈয়ে কমলনাথে সকাহ দিলে কৃষকসকলক

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈয়ে কমলনাথে সকাহ দিলে কৃষকসকলক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 8:39 AM GMT

কৃষকসকলক কৰৰ পৰা ৰেহাই দিয়াটো কৃষকসকলৰ কাৰণে বিশ্বাস ৷ কৃষকসকল কৰতেই জন্ম লয়, কৰতেই মৃত্যু হয়, নিৰ্বাচনী প্ৰচাৰ পত্ৰিকাত থকা প্ৰত্যেকটো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব ৷ এই মন্তব্য মধ্যপ্ৰদেশৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী কমলনাথৰ ৷ সোমবাৰে নৱ নিযুক্ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে কমলনাথে শপত লৈয়ে মধ্যপ্ৰদেশৰ কৃষকসকলৰ কাৰণে ল’লে এক বিশেষ সিদ্ধান্ত ৷ নৱ নিযুক্ত মুখ্যমন্ত্ৰী নাথে কৃষকসকলৰ কৰসমূহ ৰেহাই দিয়া কথাত সম্প্ৰতি কৃষকসকলে স্বত্তিৰ নিশ্বাস পেলাইছে।

ইফালে বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ পত্ৰিকাত জনসাধাৰণক যি আশ্বাস প্ৰদান কৰিছিল ৷ তাৰ ভিতৰত,কৃষকসকলৰ কৰ ৰেহাই কৰি দিয়াও অন্যতম আছিল ৷ কমলনাথে মধ্যপ্ৰদেশৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰীৰূপে শপত লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে কৃষকৰ কৰ ৰেহাই কৰি দিয়ে ৷ লগে লগে কৃষকসকল প্ৰায় ২ লাখ টকা পৰ্যন্ত কৰৰ পৰা উদ্ধাৰ হ’ল ।সম্প্ৰতি মধ্যপ্ৰদেশৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী কমলনাথৰ এই সিদ্ধান্তত প্ৰায় ৩০ লাখ কৃষক উপকৃত হৈছে ৷

ইফালে,প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলৰ কৰ ৰেহাই দিয়াৰ প্ৰসংগত কৈছিল যে,তেওঁ আশা কৰিছে যে,অনাগত ১০ দিনৰ ভিতৰত কংগ্ৰেছ চৰকাৰে কৃষকসকলৰ কৰ ৰেহাই কৰি দিব ৷ কিন্তু মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈয়ে কমলনাথে লোৱা এই সিদ্ধান্তত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি,মধ্যপ্ৰদেশৰ চৰকাৰে লয় অন্য দুটা সিদ্ধান্ত ৷ কৃষকৰ কৰ ৰেহাই কৰি দিয়াৰ উপৰিও মধ্যপ্ৰদেশ মুখ্যমন্ত্ৰী কন্যাদান আঁচনিৰ ধন ২৮ হাজাৰৰ পৰা ৫১ হাজাৰলৈ বৃদ্ধি কৰি দিয়ে ৷

লগতে অন্য এটা সিদ্ধান্ত এয়ে যে,মধ্যপ্ৰদেশৰ উদ্যোগসমূহৰ মালিকে তেতিয়াহে চাবচিডী পাব,যেতিয়া তেওঁলোকে স্থানীয়লোক সকলক সেই উদ্যোগসমূহত সংস্থাপন দিব ৷ উল্লেখ্য যে,সোমবাৰে মধ্যপ্ৰদেশৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত ল’লে কমলনাথে ৷ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে উপস্থিত আছিল মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৷ইফালে মধ্যপ্ৰদেশত কৃষকসকলক কৰ ৰেহাই কৰি দিয়াৰ পিছতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ মন্তব্য যে,আমি নিৰ্বাচনত জয় হোৱাৰ পিছতে কৃষকসকলক কৰৰ পৰা ৰেহাই দিছো ৷

এই পদক্ষেপ অনতিপলমে ৰাজস্থানটো লোৱা হ’ব ৷সেই সময়তে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে,আমি প্ৰধানমন্ত্ৰী মোডীক তেতিয়ালৈকে শান্তিৰে থাকিব নিদিও ৷ যেতিয়ালৈকে মোডীয়ে কৃষকসকলৰ কৰ ৰেহাই কৰি নিদিয়ে ৷ সকলো বিৰোধী দল একত্ৰিত হৈ আমি কৰ ৰেহাই কাৰণে দাবী কৰিম ৷

কাৰণ এতিয়ালৈকে,প্ৰধানমন্ত্ৰী মোডীয়ে এক পইচাও কৃষকসকলক এৰি দিয়া নাই ৷ লগতে ৰাহুল গান্ধীয়ে ৰাফেল ডিলৰ প্ৰসংগত কয় যে, ৰাফেল ডিলৰ প্ৰসংগটো জেপিচিয়ে কিয় সিদ্ধান্ত নলয় বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে ৷ লগতে, বিমুদ্ৰাকৰণ দেশৰ সকলোতকৈ বৃহৎ দুৰ্নীতি বুলি মন্তব্য কৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি