মনিপুৰত ৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্তক মনিপুৰৰ আদালতে ফাঁচিৰ ৰায় প্ৰদান কৰিছে।২০১৫ চনত মাৰম কাভানাম গাওঁত ৪ বছৰীয়া নাবালিকা গৰাকীক ২১ বছৰীয়া আৰ ডেভিদ নামৰ পাষণ্ডটোৱে ধৰ্ষণ কৰি হত্যা কৰিছিল।ঘটনাৰ দুদিনৰ পাছত আৰক্ষীয়ে অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছিল।শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা আইনৰ আধাৰত ন্যায়ালয়ে ৰায় প্ৰদান কৰে।নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছত মৰোত্তৰ পৰীক্ষাত ধৰ্ষণ কৰা কথা প্ৰমান হৈছিল।স্বাধীনতাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে মনিপুৰত ন্যায়ালয়ে ফাঁচিৰ ৰায় প্ৰদান কৰিছে।
Begin typing your search above and press return to search.