মহানগৰীৰ গড়চুকত বহু পৰিমাণৰ সুৰাৰ বটল ধ্বংস কৰিলে পৰিমল শুক্লবৈদ্যই।২০১৬ চনত কাৰ্বি আংলঙত আবকাৰী বিভাগৰ অভিযানত জব্দ হৈছিল অৰুণাচলী সুৰাৰ বটলসমূহ।১৪খন ট্ৰাকত গুৱাহাটীলৈ আনি থকা অৱস্থাত জব্দ হৈছিল।সেই সুৰাৰ বটলৰ ওপৰেৰে ৰোলাৰ চলালে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।জানিব পৰা মতে,সুৰাৰ বটলৰ মুল্য প্ৰায় ১৬৮ কোটি ৫৪ লাখ ৩১ হাজাৰ ৩৪৯ টকাৰ। এই সন্দৰ্ভত ২০১৬ চনতেই বিআইইও–এ এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত ৰাজেশ জালান নামৰ ব্যক্তি এজনৰ সৈতে আৰু ১৩জন লোক গ্ৰেপ্তাৰ হৈছিল। আদালতৰ নিৰ্দেশ মৰ্মে ৯ জুলাইৰ পৰা পৰ্যায়ক্ৰমে ধ্বংস কৰি থকা হৈছে সুৰাৰ বটলসমূহ।
Begin typing your search above and press return to search.