মন্ত্ৰী ভৱেশ কলিতাৰ সংবাদমেল: এপিডব্লিওৰ সভাপতিৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব ভৱেশ কলিতাই

মন্ত্ৰী ভৱেশ কলিতাৰ সংবাদমেল: এপিডব্লিওৰ সভাপতিৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব ভৱেশ কলিতাই
Published on

আজি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আসাম পাব্লিক ৱকাৰ্ছৰ সভাপতি অভিজিৎ শৰ্মাৰ বিৰুদ্ধে আদালতত মানহানি গোচৰ তৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী ভৱেশ কলিতাই।

কিছুদিনৰ পূৰ্বে আসাম পাব্লিক ৱকাৰ্ছৰ সভাপতি অভিজিৎ শৰ্মায়ে অসম চৰকাৰৰ জলসিঞ্চন বিভাগত বিগত সময়ছোৱাত সংঘটিত কেইটামান অনিয়ম সংক্ৰান্তত সংবাদমেল আয়োজন কৰিছিল । অভিযোগ উত্থাপন কৰিছিল যে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে শ্ৰী মহেশ্বৰ ডেকা নামৰ এজন সহকাৰী কাৰ্য্যবাহী অভিযন্তায়ে কাৰ্য্যবাহী অভিযন্তাৰ পদত অধিষ্ঠিত হৈ আছে বুলি প্ৰকাশ কৰিছিল । লগতে জলসিঞ্চন বিভাগত ৮০০ পদৰ নিযুক্তি হব বুলি প্ৰকাশ কৰাৰ লগতে নিযুক্তিৰ বাবে ৩ লাখ টকা বিচৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

আজি সংবাদমেলত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই এই অভিযোগ সমুহ মিছা বুলি প্ৰকাশ কৰি অভিযোগৰ তথ্য প্ৰমাণ দিবলৈ সময় বান্ধি দিয়ে। আজি বিয়লি ২ বজাৰ ভিতৰত অভিজিৎ শৰ্মাক তেওঁৰ হাতত থকা তথ্য যোগান ধৰিবলৈ অথবা ৰাজহুৱা কৰিবলৈ কয় | তথ্য প্ৰমাণ দিব পাৰিলে তেওঁক দিচপুৰ প্ৰেছ ক্লাৱত ৰাজহুৱাকৈ পাটৰ গামোছা পিন্ধাব বুলি প্ৰকাশ কৰে। লগতে মন্ত্ৰী ভৱেশ কলিতাই তেওঁৰ কোনো ঘনিষ্ঠতা নাই বুলিও প্ৰকাশ কৰে। অসমৰ ৰাইজক য'তে যিকোনো অভিযোগ উত্থাপন কৰি বিপথে পৰিচালিত নকৰিবলৈ আহ্বান জনাই।

লগতে মন্ত্ৰী ভৱেশ কলিতাই কয় যে তেওঁৰ দিনত কেন্দ্ৰৰ পৰা এক টকাও সাহাৰ্য্য অহা নাই । ১৫ কোটি টকাৰ অপব্যৱহাৰৰ তথ্য প্ৰমাণ দিবলৈ কয় সংবাদমেলৰ যোগেদি। লগতে ভৱেশ কলিতাই আজিলৈকে এক টকাও উৎকুচ লোৱা নাই বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com